NORTHEAST NOW (Assamese)
অসম

স্বচ্ছ ভাৰতৰ অংশ হিচাপে বঙাইগাঁও জিলাৰ ৰঙাপানীত চাফাই অভিযান

Posted by: ইয়াছিন আলী October 1, 2018 3:57 pm
Photo from Yeasin Ali, Kokila _20181001-142520

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাপানীৰ স্বাধীনতা সংগ্ৰামী দণ্ডীচৰন ডেকা সোঁৱৰণী ফুটবল ক্লাবৰ উদ্যোগত আৰু ক্লাবৰ সভাপতি মুনিন্দ্ৰ ডেকাৰ সহযোগত ক্লাবৰ খৈলুৱৈ সকলে স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি আজি এক ছাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে।

ৰাতিপুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ছাফাই অভিযানৰ অংশ হিচাপে ৰঙাপানী পঞ্চায়ত কাৰ্যালয় চৌহদ, মেৰেৰচৰ থানা চৌহদ আৰু ৰঙাপানী বজাৰত ক্লাবৰ সদস্যসকলে ছাফাই অভিযান চলায়।

বজাৰৰ পেলনীয়া জাৱৰ-জোথৰ সমূহ ছাফা কৰি লেতেৰা পৰিৱেশৰ পৰা যে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, বায়ু প্ৰদুষণ হয় সেই কথা সাধাৰণ মানুহৰ মাজত ক্লাবৰ কণ কণ শিশু সকলে চাফাই অভিযান কাৰ্যসূচীৰ মাজেৰে সজাগ কৰা পৰিলক্ষিত হয়।

ৰঙাপানী দণ্ডীচৰন ডেকা সোঁৱৰণী ফুটবল ক্লাবৰ সভাপতি মুনিন্দ্ৰ ডেকাই পেলনীয়া জাবৰ-জোথৰ সমূহ কোনো নিদিৰ্ষ্ট স্থানত জমা ৰাখিবলৈ সকলোকে আহ্বান জনোৱাৰ লগতে পৰিৱেশ চাফ-চিকুনকৈ ৰখাৰ বাবে অনুৰোধ জনায়।

এই অভিযানত সন্তুষ্ট হৈ ৰঙাপানী বজাৰ পৰিচালনা সমিতিৰ সভাপতি গৌৰাংগ চন্দ্ৰ পাল আৰু সম্পাদক মাজম আলীৰ লগতে স্থানীয় অঞ্চলবাসী ৰাইজে ক্লাবটোৰ লগতে সদস্যসকলক ভূয়সী প্ৰশংসা কৰে।