NORTHEAST NOW (Assamese)

Operation Against Drugs: অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে সষ্টম দৰঙামেলা আৰক্ষী; নিষিদ্ধ কেপচুলসহ এজনক আটক

December 3, 2021 12:12 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

Operation Against Drugs বাক্সাৰ তামুলপুৰ মহকুমাৰ দৰঙামেলা আৰক্ষীৰ ড্ৰাগছ, জুৱা আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে  তীব্ৰতৰ কৰি তুলিছে অভিযান।

বৃহস্পতিবাৰে গোপন সূত্ৰৰ পম খেদি দৰঙামেলা আৰক্ষীৰ এটি দলে ভূটান সীমান্তৰ এন কে দৰঙ্গাৰ গেৰেজ লাইনত অভিযান চলায়।

অভিযানত আৰক্ষীৰ দলটোৱে মোবাৰক আলী নামৰ লোক এজনক আটক কৰে।

Also Read: টীয়কৰ উত্তৰ দুলীয়া গাঁৱত ক’ভিড ভেকচিন লৈ এগৰাকী বৃদ্ধাৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ

মোবাৰকৰ জিম্মাৰ পৰা আৰক্ষীয়ে নিষিদ্ধ এছ পি কেপচুলৰ দুটা বাকচত মুঠ ২৮৮ টা নিচাযুক্ত কেপচুলৰ লগতে এটা মোবাইল ফোন আৰু নগদ ৩০০০ টকা জব্দ কৰে।

মোবাৰকৰ ঘৰ এন কে দৰঙ্গাৰ গেৰেজ লাইনত।

মোবাৰকৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হৈছে। 

Related News