NORTHEAST NOW (Assamese)

দিনজোৰা কাৰ্যসূচীৰে বোকাখাতত ‘গ্রন্থাগাৰিক দিৱস’ উদযাপন

August 13, 2019 9:32 pm · উত্তম শইকীয়া
Updated: August 13, 2019 10:18 pm

গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ উদ্যোগত বোকাখাতৰ জে ডি এচ জি মহাবিদ্যালয়ৰ কেন্দ্রীয় গ্রন্থাগাৰ আৰু আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ সহযোগত মহাবিদ্যালয়খনত সোমবাৰে ‘গ্রন্থাগাৰিক দিৱস’ উদযাপন কৰা হয়।

ভাৰতৰ গ্ৰন্থাগাৰ বিজ্ঞানৰ পিতৃস্বৰূপ ড০ এচ আৰ ৰংগানাথনৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে ১২ আগষ্টৰ দিনটোক “গ্রন্থাগাৰিক দিৱস” হিচাপে পালন কৰা হয়।

অনুষ্ঠানত বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক তথা অসমৰ গ্রন্থাগাৰ আন্দোলনৰ প্রবীণ কর্মী ভবেশ শইকীয়াক গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাই বিশেষভাৱে সম্বৰ্ধনা জনায়। সম্বৰ্ধনা গ্ৰহণ কৰি দিয়া ভাষণত শইকীয়ই ৬০ৰ দশকত প্রয়াত কুমুদেশৰ বৰঠাকুৰৰ নেতৃত্বত বোকাখাত অঞ্চলৰ গাঁৱে-ভুঞে গ্রন্থাগাৰ প্রতিষ্ঠা কৰি জ্ঞানৰ পোহৰ বিলোৱাৰ কথা ব্যক্ত কৰে।

সভাত গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ কার্যনিৰ্বাহক সদস্য সঞ্জয় কুমাৰ হাজৰিকা স্বচ্ছ ভাৰত অভিযান মিছনৰ উত্তৰ-পূৰ্বাঞ্চলৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নির্বাচিত হোৱাত সংস্থাৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হয়।

দিৱসৰ লগত সংগতি ৰাখি জে ডি এছ জি মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অখিল বৰুৱাৰ সঞ্চালনাত ‘গ্রন্থ, গ্রন্থাগাৰ আৰু পঢ়ুৱৈ সমাজ’ শীর্ষক এখন আলোচনা চক্র অনুষ্ঠিত হয়।

বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূর্ব বৰদলৈয়ে উদ্বোধন কৰা আলোচনা চক্ৰত কমাৰগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ জ্যেষ্ঠ অধ্যাপিকা গায়ত্ৰী বৰা কাকতী আৰু জে ডি এছ জি  মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ অধ্যাপক গোপিকানন্দ শইকীয়াই ভাষণ দিয়ে।

আলোচনা চক্ৰখনত জিলাখনৰ বিভিন্ন মহাবিদ্যালয়ৰ গ্রন্থাগাৰিক, জে ডি এচ জি মহাবিদ্যালয়ৰ শিক্ষক-কর্মচাৰী, ছাত্র-ছাত্রী তথা বোকাখাতৰ গণ্য-মান্য ব্যক্তিসকলৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

বিয়লিলৈ অনুষ্ঠিত হোৱা গোলাঘাট জিলা গ্রন্থাগাৰ সংস্থাৰ সাধাৰণ সভাত আগন্তুক কাৰ্যকালৰ বাবে জিতেন্দ্র বৰাক সভাপতি আৰু দেৰগাঁৱৰ সঞ্জয় কুমাৰ হাজৰিকাক সম্পাদক হিচাপে লৈ নতুন কার্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

Related News