NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ ছয়মাইলত দিন-ডকাইতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 4, 2020 4:22 pm
Robbery.-Photo-credit-Khas-Khabar-750x375

গুৱাহাটী মহানগৰীৰ ছয়মাইলত আজি দুপৰীয়া এটা ডকাইতি কাণ্ড সংঘটিত হয়।

এছ বি আইৰ ছয়মাইল শাখাৰ সমীপৰ পৰা হাতীগাঁৱৰ বসন্ত হাটীমূৰীয়া নামৰ লোকজনৰ পৰা দুৰ্বৃত্তই ১ লাখ ৫২ হাজাৰ টকা কাঢ়ি লৈ যায়।

হাটীমূৰীয়াই বেংকৰ পৰা ধনখিনি উলিয়াই অনাৰ সময়তে পালছাৰ বাইকত উঠি অহা দুজন দুৰ্বৃত্তই তেওঁক গঁতা মাৰি পেলাই টকাৰ বেগটো কাঢ়ি নিয়ে।

ভুক্তভোগী লোকজনে দিচপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

তেওঁ এজাহাৰত উল্লেখ কৰামতে, দুয়োজন দুৰ্বৃত্ত খানাপাৰাৰ দিশৰ পৰা আহি আছিল আৰু ঘটনা সংঘটিত কৰিয়ে গণেশগুৰিৰ দিশে দ্ৰুতগতিত পলায়ন কৰে।

দিচপুৰ আৰক্ষীয়ে ইতিমধ্যে ডকাইতৰ সন্ধানত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।