NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে পৌৰ নিগমৰ অভিযান; দুখন দোকান ছীল

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 23, 2020 3:15 pm

অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগম, পশুপালন বিভাগ আৰু পশুধন নিগমৰ যৌথ উদ্যোগত আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত চৰজমিন নিৰিক্ষণ চলায়।

মহানগৰীত একাংশ অসাধু ব্যৱসায়ীয়ে পৰিস্থিতিৰ সুযোগ লৈ অধিক মূল্যত খাদ্য সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ পোৱাৰ পিছতেই তাৎক্ষণিকভাৱে অধ্যক্ষ গৰাকীয়ে আজি পুৱা দিশপুৰ লাষ্টগেট, চাৰ্ভে, বেলতলা, বশিষ্ঠ, ছয়মাইল, জয়ানগৰ, হাতিগাওঁ, খানাপাৰা আদি অঞ্চলত অভিযানকাৰী দল লৈ নিজে উপস্থিত হয়।

পৌৰ নিগমৰ অভিযানকাৰী দলটোৱে কেইজনো বিক্ৰেতাৰ পৰা অনুমতি নোলোৱাকৈ অধিক মূল্যত বিক্ৰী কৰি থকা যথেষ্ট পৰিমাণৰ কুকুৰা, কণী আৰু শাক-পাচলি জব্দ কৰে। ইয়াৰ উপৰি নিগমে ছয়মাইল আৰু বেলতলাত দুখন দোকান ছীল কৰে।

ইপিনে অধ্যক্ষ গৰাকীয়ে জব্দ কৰা সামগ্ৰীসমূহ বৃদ্ধাশ্ৰম, অনাথালয়ত বিতৰণৰ বাবে পৌৰ নিগমক ব্যৱস্থা ল’বলৈ কয়। অভিযানত অধ্যক্ষ শইকীয়াৰ লগতে পশুপালন বিভাগৰ সঞ্চালক ড০ পুলিন দাস, পৌৰ নিগমৰ যুটীয়া আযুক্ত, পশুপালন বিষয়া আদি উপস্থিত থাকে।