NORTHEAST NOW (Assamese)
অসম

বিকি আলীৰ এনকাউন্টাৰক লৈ কি ক’লে ডিচিপি নৱনীত মহন্তই ?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 16, 2022 1:26 pm

বিকি আলীৰ এনকাউন্টাৰক লৈ ডিচিপি (পশ্চিম)ৰ নৱনীত মহন্তই কেতবোৰ বিশেষ মন্তব্য কৰিছে।

তেওঁ কয় যে বলাৎকাৰৰ ঘটনাটো সন্দৰ্ভত অভিজিৎ মজুমদাৰ নামৰ লোক এজনৰ লগতে মুঠ ৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

অভিজিৎ মজুমদাৰ হৈছে ব্ৰক্ষ্মপুত্ৰ গেষ্ট হাউচৰ পৰিচালক।

নিশা চাৰি পলাতক সতীৰ্থক বিচাৰি  বিকিক লগত লৈ গড়ভঙা পাহাৰলৈ গৈছিল মহিলা আৰক্ষীৰ দল।

বিকিয়ে পাণবজাৰ মহিলা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুল গোস্বামীৰ ৰিভলভাৰ কাঢ়ি নি দুই জাঁই গুলীচালনা কৰিছিল।
গুলীত আঘাতপ্ৰাপ্ত হৈছিল মহিলা আৰক্ষী বিষয়া গৰাকী।

মহিলা আৰক্ষী বিষয়াৰ পিষ্টলটো উদ্ধাৰ কৰা হৈছে।

প্ৰথমাৱস্থাত টিংকুল গোস্বামীক চিকিৎসা প্ৰদান কৰা হয় ধীৰেনপাৰা চিকিৎসালয়ত। তাৰ পিছত তেওঁক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়।