চামগুৰিত চাঞ্চল্য: ৰহস্যজনক অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদেহ
চামগুৰিৰ মহংবস্তীত ৰহস্যজনক অৱস্থাত দুই মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।
তনুজা টিমুং নামৰ মহিলা গৰাকীৰ মৃতদেহ ঘৰৰ ভিতৰত আৰু স্বামী দিলীপ টিমুঙৰ মৃতদেহ উদ্ধাৰ হৈছে চাহ বাগিচাৰ কাষত।
স্থানীয় ৰাইজে বিষক্ৰিয়াত আক্ৰান্ত হৈ দুয়োৰে মৃত্যু ঘটা বুলি সন্দেহ কৰিছে যদিও মৃতদেহ দুটা পৰি থকা স্থানলৈ চাই দুয়োকে হত্যা কৰাৰো সন্দেহ কৰিছে মহিলা গৰাকীৰ জীয়ৰীয়ে।
ঘটনাস্থলীত দণ্ডাধীশ আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ উপস্থিতহৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।
মৰণোত্তৰ পৰীক্ষাৰ পিছতহে স্বামী-স্ত্ৰীৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হ’ব বুলি আশা কৰা হৈছে।