NORTHEAST NOW (Assamese)

সোণাৰিৰ কাকতিবাৰীত পথাৰত মহিলাৰ মৃতদেহ উদ্ধাৰ; ধৰ্ষণ কৰি হত্যাৰ সন্দেহ গাঁওবাসীৰ

April 24, 2026 1:40 pm · এন ই নাও নিউজ, সোনাৰি
Updated: May 21, 2026 10:56 am

সোণাৰিৰ কাকতিবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কাকতিবাৰীৰ পথাৰত এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে নিশা সকাম খাই উভতি অহাৰ সময়তে দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত মহিলা গৰাকীৰ বয়স প্ৰায় ৫০ বছৰ বুলি জানিব পৰা গৈছে।

স্থানীয় এগৰাকী বাসিন্দাই জানিবলৈ দিয়া মতে, কাকতিবাৰী আৰক্ষী থানাৰ প্ৰায় ১ কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা। একেখন গাঁৱৰে এঘৰ মানুহৰ ঘৰত সকাম খাই নিশা ৭ মান বজাত আহি থকা অৱস্থাত দুৰ্বৃত্তই পঞ্চাশোৰ্দ্ধৰ মহিলাগৰাকীক নৃশংসভাৱে হত্যা কৰে। মহিলাগৰাকীৰ দেহত আঘাতৰ চিন স্পষ্ট বুলিও তেওঁ জানিবলৈ দিয়ে।

পথৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত পথাৰত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। দুৰ্বৃত্তই হত্যা কৰাৰ পূৰ্বে মহিলাগৰাকীক ধৰ্ষণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে গাঁওবাসীয়ে। মহিলাগৰাকীৰ মৃতদেহত কাপোৰ নাছিল বুলিও কোৱা হৈছে।  

ইতিমধ্যে ঘটনাস্থলীত কাকতিবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। স্থানীয় ৰাইজে কাকতিবাৰী আৰক্ষীৰ লগতে চৰাইদেউ আৰক্ষী প্ৰশাসনক ঘটনাৰ উপযুক্ত তদন্ত কৰি দোষীক কৰায়ত্ত কৰাৰ লগতে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে।

Related News