NORTHEAST NOW (Assamese)
অসম

কৰিমগঞ্জৰ চোৰবাজাৰত ৭ বছৰীয়া ছানী দেবৰ মৃতদেহ উদ্ধাৰ

Posted by: ৰাহুল চক্ৰবৰ্তী September 16, 2018 6:43 pm
IMG-20180916-WA0036

কৰিমগঞ্জৰ চোৰবাজাৰ এলেকাত এটা ৭ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হৈছে। ১৬ ছেপ্টেম্বৰ দেওবাৰে এলেকাটোৰএটা তলাবদ্ধ ঘৰৰ পৰা পঁচা গোন্ধ ভাঁহি অহাত স্থানীয় লোকসকলে চোৰবাজাৰ আৰক্ষীক খবৰ দিয়ে। লগে লগে ভাৰপ্ৰাপ্ত বিষয়া কালীপদ দেৰ নেতৃত্বত আৰক্ষীৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়।

উল্লেখ্য যে ছেপ্টেম্বৰৰ ১৪ তাৰিখে ছানি দেব নামৰ ৭ বছৰীয়া শিশুটো নিৰুদ্দিষ্ট হৈছিল। শিশুটিয়ে তাৰ টিউশ্যন শিক্ষক বাদল দেবৰ ঘৰলৈ গৈ আছিল কিন্তু ঘৰ গৈ নাপালে। ছানিৰ বায়েকেও বাদল দাসৰ পত্নীৰ ওচৰত পঢ়ে। কিন্তু সিদিনা তাই ভায়েকক নেদেখি তাৰ বিষয়ে প্ৰশ্ন কৰে। তেতিয়া শিক্ষকগৰাকীয়ে কয় যে সেইদিনা সন্ধিয়া ছানিয়ে তেওঁৰ ঘৰলৈ অহাই নাই।

পৰিয়ালৰ লোকে লগে লগে ছানিৰ সন্ধানত নামি পৰে আৰু কৰিমগঞ্জ সদৰ থানাত নিৰুদ্দিষ্ট হোৱাৰ ডায়েৰি কৰে।

ভাৰপ্ৰাপ্ত বিষয়া কালীপদ দেই কয়, ‘‘আমি যেতিয়া ঘৰৰ তলা ভাঙি সোমাও তেতিয়া ছানিৰ মৃতদেহটো পাওঁ। মৃতদেহোট মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ছানিক গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছে। তাৰ দেহত চোকা অস্ত্ৰেৰে খোঁচা বা কোনো বাহ্যিক আঘাতৰ চিন নাই। আমি কোনো কথা আনুমানিকভাৱে ব্যক্ত কৰিব নিবিচাৰোঁ কাৰণ ইয়ে সমস্ত ঘটনাটোকে ভুল পথেৰে লৈ যাব।

অৱশ্যে এই সন্দৰ্ভত কিছু বিশেষ সম্ভেদ লাভ কৰা এগৰাকী শীৰ্ষস্থানীয় আৰক্ষী বিষয়াই জনাইছে যে হত্যাকাণ্ডটোৰ মূল অপৰাধী হিচাপে জগদীশ মণ্ডল বুলি এজন লোকক চিনাক্ত কৰিব পৰা গৈছে। কৰিমগঞ্জ আৰক্ষীৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈচে যে জগদীশ মণ্ডলৰ সৈতে ছানী দেবৰ মাকৰ এটা বিবাহ-বহিৰ্ভুত সম্পৰ্ক আছিল। শেহতীয়াভাৱে ছানীৰ মাকে জগদীশ মণ্ডলক এৰাই চলিবলৈ আৰম্ভ কৰিছিল। সেয়েহে প্ৰতিশোধকল্পে জগদীশে ছানিক হত্যা কৰা বুলি সন্দেহ কৰা হৈছে। অনুসন্ধান আগবঢ়াৰ লগে লগে আৰু সঠিক তথ্য লাভ কৰিব পৰা যাব বুলি আশা কৰা গৈছে।

উল্লেখ্য যে গোপনীয়তাৰ খাতিৰত ছানীৰ মাক আৰু বায়েকৰ পৰিচয় গোপন কৰা হৈছে।