NORTHEAST NOW (Assamese)

লেখাপানীত সন্ধানহীন হৈ থকা দুই শিশুৰ মৃতদেহ উদ্ধাৰ, অঞ্চলজুৰি শোকৰ ছাঁ

October 19, 2020 10:51 am · মানস প্ৰতিম গগৈ

 কালি দুপৰীয়াৰ পৰা সন্ধানহীন হৈ থকা মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী থানাৰ অন্তৰ্গত খাৰাংকং গাঁৱৰ দুই শিশুৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 কালি দুপৰীয়াৰে পৰা গাঁও খনৰ এজন ৭ বছৰীয়া আন এজন ৮ বছৰীয়া কিশোৰ ঘৰৰ কাষতে খেলি থকা অৱস্থাৰ পৰা নিৰুদ্দেশ হৈছিল।

কপিল শইকীয়া আৰু বিতোপন সন্দিকৈ নামৰ শিশু দুটি দিনৰ দুই বজাৰ পৰা খেলি থকা স্থানৰ পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়াত দুই শিশুৰ সন্ধানত আৰক্ষীয়ে অভিযান চলায় যদিও শিশু দুটিৰ সন্ধান লাভ কৰিব পৰা নাছিল।

নিশা আৰক্ষী আৰু গাওঁবাসীয়ে বহু বিচাৰ খোচাৰ কৰা পাছতো সন্ধান নোপোৱাত আজি পুৱা দুই কিশোৰৰ মৃতদেহ ঘৰৰ ওচৰৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। এই ঘটনাৰ পাছতেই অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে।

শিশু দুটি কি পৰিস্থিতি সন্ধানহীন হৈ এই দৰে পুখুৰীত পৰিল সেই সম্পৰ্কে বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা।

ইতিমধ্যে স্থানীয় গাওঁবাসীৰ সহযোগত শিশু দুটি আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

Related News