NORTHEAST NOW (Assamese)

শিৱসাগৰত নদীৰ এৰা সুঁতিত উদ্ধাৰ মৃতদেহ

November 7, 2021 4:31 pm · এন ই নাও নিউজ, গুৱাহাটী

শিৱসাগৰৰ বগীদ’ল পানীচকিত দেওবাৰে দুপৰীয়া এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত বগীদ’ল পানীচকীৰ এৰা সুঁতিত উদ্ধাৰ হয় অচিনাক্ত ব্যক্তিৰ মৃতদেহটো।

গৰু এৰাল দিবলৈ যাওঁতে এগৰাকী মহিলাই প্ৰথম পানীত উপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে।

নীলা জিনচ্ পেন্ট,ৰঙা চাৰ্ট পৰিহিত অৱস্থাত ৪২-৪৩ বছৰীয়া বয়সৰ ব্যক্তিৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমানলৈকে আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিব পৰা নাই যদিও অনুসন্ধান অব্যাহত ৰাখিছে।

Related News