NORTHEAST NOW (Assamese)

মৃত্যুভয়ত কম্পমান বিজেপিৰ শিলাদিত্য; আৱাসত কঠোৰ নিৰাপত্তা, সাংবাদিকৰো নিষেধ প্ৰৱেশ

October 26, 2018 10:38 pm · এন ই নাও নিউজ
Updated: October 26, 2018 11:25 pm
শিলাদিত্য দেব। ছবি- টুইটাৰৰ।

অসমৰ খিলঞ্জীয়া ৰাইজৰ জনমতৰ বিপৰীত মন্তব্য কৰি ব্যাপক জনৰোষৰ লগতে শেহতীয়াকৈ আলফা নেতাৰ ভাবুকিৰ সন্মুখীন হোৱাৰ পিছত মৃত্যুভয়ত কঁপিছে বিজেপি বিধায়ক শিলাদিত্য দেব।

পৰিস্থিতি এনে পৰ্য্যায় পাইছেগৈ যে বিধায়কগৰাকীৰ নিৰাপত্তাবেষ্টিত দিচপুৰৰ আৱাসতো আন লোক বাদেই খোদ সাংবাদিকৰে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

পূৰ্বে বিধায়কগৰাকীৰ অনুমতি লৈ যোৱাৰ পিছতো শুকুৰবাৰে সন্ধিয়া “নিৰাপত্তাজনিত” কাৰণত দেবক সাক্ষাতৰ বাবে নৰ্থ ইষ্ট নাও-ৰ দুগৰাকীকৈ সাংবাদিকক অনুমতি দিয়াত অসহায়তা প্ৰকাশ কৰিলে আৰক্ষীয়ে।

“পৰিস্থিতি খুব বেয়া। আপোনালোকে জানেই। তেওঁৰ আৱাসলৈ কোনো লোককে প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই,” বিধায়ক আৱাসৰ ৭ নং গে’টৰ নিৰাপত্তাৰক্ষীৰ অসহায় মন্তব্য। ইতিমধ্যে ৰাজ্য চৰকাৰে বিধায়কগৰাকীৰ গুৱাহাটীৰ লগতে হোজাইৰ বাসগৃহৰো নিৰাপত্তা পুনৰীক্ষণ কৰিছে বুলি জানিব পৰা গৈছে।

কিন্তু ৰাজ্য চৰকাৰৰ নিৰাপত্তাই আতংকমুক্ত কৰিব নোৱাৰা শিলাদিত্য দেব “শৰণাপন্ন” হৈছে তেওঁৰ ঘনিষ্ঠ তথা জ্যেষ্ঠ ৰাজনৈতিক সতীৰ্থ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ।

লগতে পঢ়ক– এইবাৰ আলফা নেতাৰ ‘খাটাং’ সকীয়নি বিজেপিৰ শিলাদিত্যক

সূত্ৰ অনুসৰি কেন্দ্ৰৰ পৰা “অধিক” কটকটীয়া নিৰাপত্তা বিচাৰি কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী গোহাঁইক খাটনি ধৰিছে বিধায়ক দেবে।

যোৱা বুধবাৰে আলফা নেতা মৃণাল হাজৰিকাই বিধায়ক শিলাদিত্য দেবক “খাটাং” সকীয়নি দিয়াৰ লগতে সকলো খিলঞ্জীয়া সংগঠনে সৰ্বাত্মক বিৰোধ কৰা নাগৰিকত্ব বিধেয়ক সমৰ্থনকাৰী ৰাজ্যৰ বাঙালীসকলক ‘‘গণহত্যা’’ৰ দৰে পৰিস্থিতিৰ হুংকাৰ দিছিল।

হাজৰিকাৰ ভাবুকিৰ পিছতে “চৰকাৰে আলোচনাপন্থী আলফাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আমি পদত্যাগ কৰিম” বুলি শুকুৰবাৰে নিজৰ চৰকাৰৰ ওপৰতে একপ্ৰকাৰ অনাস্থা প্ৰকাশ কৰি অসহায় মন্তব্য কৰিছিল বিধায়কজনে।

“যৌন নিৰ্য্যাতন”ৰ চাঞ্চল্যকৰ অভিযোগৰ পিছতে অসমৰ ৰাজনীতিত নীৰৱ হৈ পৰা মন্ত্ৰী গোহাঁয়ে এতিয়া তেওঁৰ কনিষ্ঠ সতীৰ্থৰ নিৰাপত্তাৰ কি ব্যৱস্থা কৰে সেয়াহে লক্ষণীয় হ’ব।

Related News