NORTHEAST NOW (Assamese)

অসমত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮গৰাকীলৈ বৃদ্ধি

June 12, 2020 8:27 pm · কল্পজ্যোতি শইকীয়া
Updated: June 12, 2020 8:32 pm

ক’ৰ’ণাত আক্ৰান্ত হৈ অসমত বৰ্তমানলৈকে ৮ গৰাকী লোকৰ মৃত্যু হৈছে।

আজিৰ দিনটোতে মুঠ দুগৰাকী ক’ৰ’ণা আক্ৰান্ত লোকৰ মৃত্যু হয়।

GMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৰোগীগৰাকী মৃত্যু হৈছে বুলি খবৰ আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি মৃত লোকজন বাক্সাৰ মণ্টু ৰামচিয়াৰী(৫০)।

কিছুদিন ধৰি GMCH-ত তেওঁ চিকিৎসাধীন হৈ আছিল।

ইপিনে, ক’ৰ’ণা আক্ৰান্ত লোকজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাক লৈ উলুবাৰী শ্মশানত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

প্ৰাপ্ত খবৰ অনুসৰি শ্মশান কতৃপক্ষলৈ জিলা প্ৰশাসনৰ ফালৰ পৰা ৰোগীজনক সৎকাৰ কৰাক লৈ ফোন আহিছিল। তাৰ পাছতে সেই কথা জানিব পাৰি অঞ্চলটোৰ একাংশ লোক আহি সমবেত হৈ মৃতদেহ সৎকাৰৰ বিৰোধিতা কৰে।

তাৎপৰ্যপূৰ্ণভাবে একাংশ লোকে শ্মশানৰ গেটত তলা ওলোমাই দিয়ে।

বৰ্তমানলৈকে মৃত লোকজনৰ সৎকাৰ ক’ত কৰিব সেই কথা স্পষ্ট হোৱা নাই।

আজি দিনৰ ভাগত হাইলাকান্দিৰ এগৰাকী মহিলাও কোভিড-১৯ পজিটিভত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল।
মৃত মহিলাগৰাকীৰ নাম মংগুলীৰাণী দাস(৫৭)।

তেওঁৰ ঘৰ হাইলাকান্দিত বুলি জানিব পৰা গৈছে।

মহিলাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত আছিল আৰু দিল্লীৰ পৰা শিলচৰত আহি উপস্থিত হোৱাৰ পাছতে COVID-১৯ ধৰা পৰিছিল মহিলাগৰাকীৰ।

SMCH-ত চিকিৎসাধীন হৈ থকা অৱস্থাতে আজি দুপৰীয়া ভাগত মহিলাগৰাকীৰ মৃত্যু হয়।

উল্লেখযোগ্য যে, বুধবাৰে ৰাজ্যত ষষ্ঠগৰাকী কোভিড-১৯ আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছিল। তেওঁৰ নাম কমল কৃষ্ণ পাল আৰু ঘৰ তেজপুৰত।

ইয়াৰোপৰি, ৰাজ্যত মুঠ ৩৪৩০ গৰাকী লোক বৰ্তমানলৈকে আক্ৰান্ত হোৱাৰ লগতে ১৯৫০ গৰাকী চিকিৎসাধীন হৈ আছে। ১৫৩৭ গৰাকী লোক ৰাজ্যত ক’ৰ’ণামুক্ত হৈছে।

Related News