NORTHEAST NOW (Assamese)

‘JNUৰ কা বিৰোধী আন্দোলনত ISIৰ পৰা ৫ কোটি টকা লৈছিল দীপিকা পাডুকনে’ : প্ৰাক্তন ৰ’ বিষয়াৰ দাবী

July 29, 2020 4:27 pm · এন ই নাও নিউজ
Updated: July 29, 2020 4:39 pm

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কা বিৰোধী আন্দোলনত অংশগ্ৰহণৰ বাবে বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে এগৰাকী পাকিস্তানী এজেন্টৰ পৰা ৫ কোটি টকা লৈছিল।

এই বিস্ফোৰক অভিযোগ কৰিছে ৰ’ৰ প্ৰাক্তন বিষয়া এন কে চুদে।

বিষয়া গৰাকীয়ে বলিউদ আৰু পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আই আৰু আণ্ডাৰৱৰ্ল্ডৰ মাজত সম্পৰ্ক থকা বুলিও অভিযোগ কৰিছে।

ৰ’ৰ প্ৰাক্তন বিষয়াগৰাকীয়ে এটা ভিডিঅ’ যোগে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা(NIA)ক বলিউদ আৰু পাকিস্তানৰ সম্পৰ্কক তদন্ত কৰিবলৈ দায়িত্ব দিব লাগে বুলিও মন্তব্য কৰিছে।

আনকি তেওঁৰ মতে ভাৰত চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰে অতি সোনকালে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে।

ভিডিঅ’টোৰ যোগে ৰ’ৰ প্ৰাক্তন বিষয়াগৰাকীয়ে বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে পাকিস্তানী এজেন্ট এনীল মুছাৰটৰ যোগে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ পৰা ৫ কোটি টকা লোৱা বুলি অভিযোগ কৰিছে।

এন কে চুদে জনাইছে যে তদন্তৰ বাবে এনফ’ৰ্ছমেন্ট ডাইৰেক্ট(ED)ক এই সম্পৰ্কীয় তথ্যপাতি অৰ্পণ কৰিছে। প্ৰাক্তন বিষয়াগৰাকীৰ মতে EDএ ইতিমধ্যে দীপিকা পাডুকনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

ইফালে EDএ বলিউদৰ চেলিব্ৰেটিসকলৰ বিদেশত থকা সম্পত্তি চিনাক্তকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলিও তেওঁ জনাইছে।

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে, বলিউদৰ অভিনেত্ৰী দীপিকা পাডুকনে জে এন এউৰ মাচুল বৃদ্ধি বিৰোধী আন্দোলনৰ সময়তে জে এন এইউলৈ আহিছিল।

অভিনেত্ৰীগৰাকীয়ে জে এন ইউৰ কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা নাছিল। তেনে ক্ষেত্ৰত বলিউদৰ অভিনেত্ৰী গৰাকীয়ে কেনেকৈ আই এছ আইৰ পৰা ৫ কোটি টকা লৈছিল সেই প্ৰশ্নও উদ্ৰেক হৈছে। সেয়ে ৰ’ৰ প্ৰাক্তন বিষয়াগৰাকীৰ অভিযোগ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই জে এন ইউৰ মাচুল বৃদ্ধি বিৰোধী আন্দোলনৰ শিক্ষাৰ্থীৰ ওপৰত কৰা শাৰীৰিক আক্ৰমণত আহত জে এন ইউ শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰিছিল বলিউদৰ অভিনেত্ৰীগৰাকীয়ে।

Related News