NORTHEAST NOW (Assamese)
অসম

চামগুৰি উদমাৰীত উদ্ধাৰ হোৱা হৰিণাৰ মৃত্যু

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা May 29, 2020 6:52 am
WhatsApp Image 2020-05-28 at 7.07.04 PM

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত মালিবস্তিত বৃহস্পতিবাৰে এটা হৰিনা পহু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক উৎকণ্ঠা সৃষ্টি কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত মালিবস্তিত বৃহস্পতিবাৰে দুপৰীয়া এটা হৰিণা পহুৱে প্ৰৱেশ কৰাত স্থানীয় একাংশ লোকে উক্ত পহুটো আৱদ্ধ কৰি বন বিভাগক খবৰ দিয়ে ৷

খৱৰ লাভ কৰাৰ পাছতে উদমাৰী উপ খণ্ড বন কাৰ্যালয়ৰ এটা বন কৰ্মী দল ঘটনাস্থলীত উপস্থিত হৈ উক্ত পহুটো উদ্ধাৰ কৰি চামগুৰি পশু চিকিৎসালয়লৈ আনে।

পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কাজিৰঙালৈ নিয়াৰ অৱস্থাত সোনাৰিবালি পাওঁতেই পহুটোৰ মৃত্যু হয় ৷

আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ অন্তত পহুটো পুতি থোৱা হয় বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷