ত্রুটিপূর্ণ ইডিৰ অভিযোগনামা: দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ইডিৰ আবেদন
নেশ্যনেল হেৰাল্ড গোচৰত বলবৎকাৰী সঞ্চালকালয়ৰ (ইডি) আবেদন খাৰিজ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। আদালতে স্পষ্ট কৰি দিছে যে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে তৎক্ষণাত জাননী জাৰি কৰাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিয়ে গান্ধী পৰিয়ালৰ এই দুজন সদস্যৰ বিৰুদ্ধে ধন আত্মসাৎৰ অভিযোগ তুলি অভিযোগনামা দাখিল কৰিছিল। অভিযোগনামা দাখিলৰ পিছত ইডিয়ে অভিযুক্তসকলক তাৎক্ষণিকভাৱে জাননী প্ৰেৰণৰ বাবে আদালতত আবেদন জনাইছিল। কিন্তু আদালতে এই আবেদন খাৰিজ কৰিছে।
নেশ্যনেল হেৰাল্ডৰ সৈতে জড়িত আৰ্থিক লেনদেনৰ অভিযোগে ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। ১৯৩৮ চনত জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰা এই কাকতখনৰ ছপা সংস্কৰণ ২০০৮ চনত বন্ধ হৈছিল, যদিও ২০১৭ চনত ইয়াৰ অনলাইন সংস্কৰণ মুকলি কৰা হয়। ইংৰাজীৰ উপৰিও হিন্দীত ‘নৱজীৱন’ আৰু উৰ্দুত ‘কাৱমি আৱাজ’ নামেৰে অনলাইন সংস্কৰণ প্ৰকাশিত হৈছে। নেশ্যনেল হেৰাল্ড আৰু ‘ইয়ং ইণ্ডিয়া’ নামৰ সংগঠনৰ মাজত অবৈধ আৰ্থিক লেনদেনৰ অভিযোগৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল। তদন্তৰ অংশ হিচাপে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীকো চমন জাৰি কৰা হৈছিল। ইডিয়ে অভিযোগ কৰিছে যে নেশ্যনেল হেৰাল্ডৰ সম্পত্তিৰ মালিকিস্বত্ব সলনিৰ জৰিয়তে অবৈধ লেনদেন সংঘটিত কৰিছে।
আদালতে জনোৱা মতে, ইডিয়ে দাখিল কৰা অভিযোগনামা ত্রুটিপূৰ্ণ আৰু প্ৰয়োজনীয় নথি-পত্ৰ অসম্পূৰ্ণ। ন্যায়াধীশ বিশাল গগনে কয় যে অভিযুক্তসকলক তৎক্ষণাত জাননী জাৰি কৰাৰ পৰ্যাপ্ত ভিত্তি এতিয়াও নাই। ইডিয়ে সম্পূৰ্ণ নথি-পত্ৰ দাখিল কৰাৰ পিছতহে আদালতে জাননী জাৰিৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব।
ইফালে ইডিয়ে দাবী কৰিছে যে তেওঁলোকে স্বচ্ছ তথ্য আৰু প্ৰমাণ দাখিল কৰিছে, কিন্তু আদালতে অভিযোগনামাত কিছু ভুল ৰৈ যোৱা বুলি উল্লেখ কৰিছে। এই ৰায়ৰ ফলত গান্ধী পৰিয়ালে সাময়িকভাৱে সকাহ পাইছে, যদিও এই গোচৰৰ তদন্ত এতিয়াও অব্যাহত আছে।