NORTHEAST NOW (Assamese)

বিমান বন্দৰে ঘৰৰ পৰাই নিব আৰু ঘৰত দি যাব বিমানযাত্ৰীৰ টালি-টোপোলা

February 15, 2020 6:52 pm · এন ই নাও নিউজ
Updated: February 15, 2020 6:53 pm
প্ৰতিনিধিত্বমূলক ছবি।

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰে এটা অভিনৱ ঘোষণাৰে ইয়াৰ বিমানযাত্ৰীসকলক সুকীয়া ধৰণৰ সেৱা দিবলৈ ওলাইছে।

১৪ ফেব্ৰুৱাৰিত কৰা ঘোষণাটোত কোৱা হৈছে যে ই ইয়াৰ টাৰ্মিনে-৩ ব্যৱহাৰ কৰা যাত্ৰীৰ ঘৰৰ দুৱাৰমুখৰ পৰাই টালি-টোপোলা সংগ্ৰহ কৰিব।

এই নতুন সেৱা বিমানবন্দৰটোৰ টাৰ্মিনেল-১ আৰু টাৰ্মিনেল-২লৈও সম্প্ৰসাৰণ কৰা হ’ব, জি এম আৰ গ্ৰুপ নেতৃত্বাধীন দেলিহ ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট লিমিটেডৰ দ্বাৰা প্ৰেৰিত এটা প্ৰেছ বিজ্ঞপ্তিত কোৱা হয়।

“এই সেৱা বেংগালুৰু ভিত্তিক CarterX-ৰ সহযোগত আৰম্ভ কৰা হৈছে”, বিবৃতিটোত কোৱা হয়।

এই সুবিধা লাভ কৰিবলৈ হ’লে এজন যাত্ৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত (National Capital Region) থকা তেওঁৰ ঘৰৰ পৰা টালি-টোপোলা আনিবৰ বাবে CarterX-ৰ ৱেবছাইট বা এপ বা কাউণ্টাৰৰ জৰিয়তে এটা বুকিং কৰিব পাৰে।

এইদৰে বুক কৰা প্ৰতিটো বেগত সহজ চিনাক্তকৰণৰ বাবে বাৰক’ড লগোৱা হ’ব আৰু সুকীয়া টেম্পাৰ-প্ৰতিৰোধী ছীলযুক্ত বেগত সুৰক্ষিত কৰি অনা হ’ব।

এয়াৰপ’ৰ্টত উপস্থিত হোৱাৰ পিছত যাত্ৰীসকলে তেওঁলোকৰ টালি-টোপোলাবোৰ ডিপাৰ্চাৰ ফ’ৰক’ৰ্ট এৰিয়াৰ পৰা সংগ্ৰগ কৰিব পাৰিব।

একেদৰে, যদি টালি-টোপোলাবোৰ এয়াৰপ’ৰ্টৰ পৰা নিব লগীয়া হয়, তেতিয়াও যাত্ৰীসকলে এই সেৱা অনলাইনতে বুক কৰিব পাৰিব বা টাৰ্মিনেল-৩-ত থকা বেগেইজ পিক-আপ আৰু ড্ৰপ কাউণ্টাৰত বুক কৰিব পাৰিব।

বৰ্তমানলৈকে টালি-টোপোলা ডেলিভাৰি দিল্লী/ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থান- এইকেইখন ঠাইত দিয়াৰ ব্যৱস্থা হৈছে।

টালি-টোপোলা অনা-নিয়াৰ এই সেৱাৰ বীমা কৰোৱা হ’ব, বিবৃতিটোত কোৱা হৈছে।

যিসকল যাত্ৰীয়ে এই সুবিধা ল’ব খোজে তেওঁলোকে টালি-টোপোলা অনা বা ডেলিভাৰি দিয়াৰ তাৰিখ, ফ্লাইটৰ তথ্য, ডেলিভাৰি স্থান আদিৰ তথ্য দিব লাগিব।

এই সেৱাৰ মাচুল দিয়াৰ পিছতে টালি-টোপোলাবোৰ নিৰ্দিষ্ট স্থানলৈ অনা হ’ব। যাত্ৰীসকলে নিজৰ টালি-টোপোলাৰ সঞ্চালন ফোন/ টেবলেটৰ জৰিয়তে অৱগত হৈ থাকিব পাৰিব, বিবৃতিটোত কোৱা হৈছে।

Related News