NORTHEAST NOW (Assamese)
Popular Stories

শিক্ষাৰ নামত লুণ্ঠন: ‘জয় ভীম মুখ্যমন্ত্ৰী প্ৰতিভা বিকাশ যোজনা’ত ৩৭ কোটি টকাৰ জালিয়াতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 2, 2026 5:37 pm

দিল্লী চৰকাৰৰ অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জনপ্ৰিয় ‘জয় ভীম মুখ্যমন্ত্ৰী প্ৰতিভা বিকাশ যোজনা’ত সংঘটিত এক বৃহৎ আৰ্থিক অনিয়মৰ অভিযোগত দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাই যোৱা ২৯ এপ্ৰিলত ৯ জন ব্যক্তিক আটক কৰিছে। এই অভিযুক্তসকলৰ ভিতৰত দিল্লীৰ কেইবাখনো আগশাৰীৰ কোচিং প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী, সঞ্চালক আৰু কৰ্মচাৰী অন্তৰ্ভুক্ত আছে। ভুৱা ছাত্ৰৰ নাম আৰু জাল নথি ব্যৱহাৰ কৰি চৰকাৰী কোষাগাৰৰ পৰা প্ৰায় ৩৭.২০ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। ধৃত অভিযুক্তসকলক ইতিমধ্যে বিশেষ আদালতৰ নিৰ্দেশ মৰ্মে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

দুৰ্নীতি নিবাৰক শাখাৰ যুটীয়া আয়ুক্ত বিক্ৰমজিৎ সিঙে সংবাদ মাধ্যমক জনোৱা অনুসৰি, এই আঁচনিখন ২০১৭ চনত আৰম্ভ কৰা হৈছিল যদিও ২০১৮ চনৰ পৰা ২০২১ চনৰ সময়ছোৱাত বৃহৎ অনিয়ম সংঘটিত হোৱা বুলি পোহৰলৈ আহে। তদন্তত ধৰা পৰিছে যে বহুতো কোচিং প্ৰতিষ্ঠানে একেজন ছাত্ৰৰে নাম একাধিক কেন্দ্ৰত পঞ্জীয়ন দেখুৱাই চৰকাৰৰ পৰা পুঁজি সংগ্ৰহ কৰিছিল। ইয়াৰ উপৰি, আঁচনিৰ নিয়মাৱলী অনুসৰি ছাত্ৰ-ছাত্ৰীক দিবলগীয়া জলপানী বহু ক্ষেত্ৰত বিতৰণ কৰা হোৱা নাছিল। আনকি কেতবোৰ কেন্দ্ৰই ছাত্ৰ-ছাত্ৰীক উন্নত কোচিং প্ৰদান কৰাৰ পৰিৱৰ্তে স্থানীয় সাধাৰণ টিউচন কেন্দ্ৰলৈ পঠিয়াই দি চৰকাৰী চৰ্ত উলংঘা কৰিছিল।

বিভাগীয় তদন্তত আৰু দেখা গৈছে যে এই প্ৰতিষ্ঠানসমূহে আঁচনিৰ ধনৰ বাবে পৃথক বেংক একাউণ্ট পৰিচালনা কৰা বাধ্যতামূলক আছিল যদিও সেই নিৰ্দেশনা সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছিল। দুৰ্নীতি নিবাৰক শাখাই জনোৱা মতে, আঁচনিখনৰ অধীনত প্ৰায় ২২,০০০ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নভুক্ত কৰা হৈছিল, যাৰ সৰহ সংখ্যকেই ভুৱা বুলি সন্দেহ কৰা হৈছে। এই অনিয়মৰ সন্দৰ্ভত সংশ্লিষ্ট চৰকাৰী বিভাগৰ একাংশ বিষয়াৰ ভূমিকাও বৰ্তমান তদন্তৰ আওতালৈ অনা হৈছে।

উল্লেখযোগ্য যে বিগত বৰ্ষত দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱা আৰু শিক্ষা মন্ত্ৰী আশীষ সুদে এই আঁচনিখনত প্ৰায় ১৪৫ কোটি টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল। আম আদমি পাৰ্টিৰ নেতৃত্বাধীন চৰকাৰে ক’ভিডকালীন সময়ত কোনো সঠিক তথ্য অবিহনেই ব্যক্তিগত কোচিং কেন্দ্ৰসমূহক এই বিপুল পৰিমাণৰ ধন মোকলাই দিছিল বুলি অভিযোগ উঠিছিল। আনহাতে, আপ-এ এই অভিযোগসমূহ অস্বীকাৰ কৰি ইয়াক ৰাজনৈতিক প্ৰতিশোধ বুলি অভিহিত কৰি আহিছে।

বৰ্তমান দুৰ্নীতি নিবাৰক শাখাই ধৃত ৯ জন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰু এই কেলেংকাৰীত জড়িত অধিক লোকৰ সন্ধানত অভিযান চলাই আছে। চৰকাৰে জানিবলৈ দিছে যে দৰিদ্ৰ আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ খেলা কৰা কোনো দোষী ব্যক্তিকে সাৰি যাবলৈ দিয়া নহ’ব আৰু অতি শীঘ্ৰেই এই সন্দৰ্ভত এক বিতং প্ৰতিবেদন দাখিল কৰা হ’ব।