NORTHEAST NOW (Assamese)
জীৱনশৈলী

দাম্পত্য জীৱনত নামি আহিছে সংকট! চাণক্যৰ উপদেশ মানি ঘূৰাই আনক সুখৰ সংসাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2023 7:03 am
Chanakya Niti

প্ৰত্যেক ব্যক্তিৰে জীৱনত ভাল দিনৰ লগতে কঠিন সময়ৰ উপস্থিতি নিতান্তই স্বাভাৱিক। কিন্তু এই কঠিনতাৰ মোকাবিলা কৰি সাহসেৰে অতিক্ৰম কৰাজনেই প্ৰকৃত যোদ্ধা। সেইদৰে ব্যক্তিৰ দাম্পত্য জীৱনতো বহু সময়ত সংঘাতে দেখা দিয়ে। এই সংঘাতৰ পৰিণতিত সাংসাৰিক জীৱনৰ সুখ-স্বাচ্ছন্যক স্থবিৰ কৰি তোলে।

দাম্পত্য জীৱনৰ এই প্ৰতিকূলতা নেওচাৰ ক্ষেত্ৰত আচাৰ্য চাণক্যৰ বচন পৰম পাথেয় হ’ব পাৰে। আচাৰ্য চাণক্যৰ নীতিসমূহে ভাৰতীয় সমাজক সদায়ে সাফল্যৰ পথ দেখুওৱাই আহিছে। চাণক্যই দাম্পত্য জীৱনত নামি অহা প্ৰত্যাহ্বানসমূহক কেনেদৰে আঁতৰ কৰিব পাৰি সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়াই গৈছে।

সমস্যা চিনাক্তকৰণ

আচাৰ্য চাণক্যই চাণক্য নীতিত কৈছে যে যদি আপোনাৰ জীৱনত কোনো সমস্যা আহে, তেন্তে প্ৰথমে সেই সমস্যাটো বুজি পোৱাটো প্ৰয়োজনীয়। সেই সমস্যাৰ মূল কি সেয়া আপুনি জনা উচিত। লগতে সেই সমস্যাৰ সমাধান কি হ’ব পাৰে, সেই বিষয়তো জ্ঞান থকা উচিত; যাতে সেই সমস্যাটো সমাধান কৰিব পৰা যায়।

পত্নীৰ সন্মান গুৰুত্বপূৰ্ণ

চাণক্য নীতিৰ মতে জীৱনত সন্মান অতি গুৰুত্বপূৰ্ণ। ব্যক্তি হিচাপে আপুনি আপোনাৰ জীৱন সংগীক সন্মান কৰিব লাগিব। লগতে আপোনাৰ পত্নীৰ চিন্তা আৰু অনুভৱ বুজিবলৈ চেষ্টা কৰিব লাগিব। পত্নীক মৰ্যাদাসম্পন্ন ব্যৱহাৰ কৰাৰ লগতে পত্নীৰ ভাল গুণৰ শলাগ ল’ব লাগে। যদি আপুনি এই নিয়ম মানি চলে তেতিয়া আপোনাৰ সম্পৰ্ক মজবুত হোৱাৰ লগতে আপোনাৰ ঘনিষ্ঠতাও বাঢ়িব।

বিশ্বাস হৈছে শক্তিশালী সম্পৰ্কৰ ভেটি

আচাৰ্য চাণক্যৰ মতে যিকোনো সম্পৰ্ক মজবুত কৰাৰ ভেটি হ’ল বিশ্বাস। আচাৰ্য চাণক্যৰ নীতি অনুসৰি, বিশ্বাসক শক্তিশালী দাম্পত্য জীৱনৰ ভেটি বুলি গণ্য কৰা হয়। পত্নীৰ আস্থাক প্ৰতাৰণা কৰাৰ পৰা বিৰত থাকক, নহ’লে আপোনাৰ সম্পৰ্ক দুৰ্বল হৈ পৰিব পাৰে।

সমৰ্থন আৰু উৎসাহে সমৃদ্ধি কঢ়িয়াই আনিব

সফল জীৱনৰ মূল আধাৰ হৈছে সমৰ্থন আৰু উৎসাহ। আচাৰ্য চাণক্যৰ মতে, দাম্পত্য জীৱনত যেতিয়া পৰস্পৰে পৰস্পৰৰ আটাইতকৈ ডাঙৰ সমৰ্থক হয়, তেওঁলোকৰ সম্পৰ্কও সমানেই শক্তিশালী হয়। প্ৰতিটো সফলতাৰ আঁৰত উৎসাহ তথা সমৰ্থন অতি গুৰুত্বপূৰ্ণ।