NORTHEAST NOW (Assamese)
Popular Stories

দাম্পত্য কন্দলৰ চৰম পৰিণতি! পত্নী আৰু দুই সন্তানক হত্যা কৰি পলায়ন যুৱকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 9, 2025 3:36 pm

দিল্লীত এক ভয়ানক হত্যাকাণ্ড। পত্নী আৰু দুটা সন্তানক হত্যা কৰাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে। শুকুৰবাৰে নিশা ৰাজধানীৰ কৰোৱাল নগৰত সংঘটিত হয় এই হত্যাকাণ্ড। আৰক্ষীয়ে জনোৱা মতে, দীৰ্ঘদিন ধৰি দম্পতীহালৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল। শুকুৰবাৰে নিশা তৰ্ক-বিতৰ্কৰ অন্তত যুৱকজনে খং হেৰুৱাই পেলায়। ইয়াৰ পিছত তেওঁ পত্নী লগতে পাঁচ আৰু সাত বছৰ বয়সৰ দুগৰাকী কন্যাক হত্যা কৰিছিল

তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে আহি মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যদিও পলাতক অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।

চলিত সপ্তাহৰ আৰম্ভণিতে দিল্লীত সংঘটিত হৈছিল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড। সাধুৰ পোছাক পৰিহিত এজন যুৱকে প্ৰাক্তন পত্নীৰ ঘৰত প্ৰৱেশ কৰি হাতুৰীৰে হত্যা কৰে। বুধবাৰে মাজনিশা প্ৰায় দক্ষিণ দিল্লীৰ নেব সাৰণিত সংঘটিত হয় এই হত্যাকাণ্ড। বিষয়টো পোহৰলৈ আহে কেইবা ঘণ্টাৰ পাছত, পুৱাৰ ভাগত চুবুৰীয়াই মৃত কিৰণ ঝাৰৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে। প্ৰথম অৱস্থাত এই হত্যাকাণ্ড কিয় সংঘটিত হল সেয়া স্পষ্ট হোৱা নাছিল। পুৱা প্ৰায় ৪ বজাত আৰক্ষীয়ে এই তথ্য লাভ কৰে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, অঞ্চলটোৰ চিচিটিভি ফুটেজ চাই অভিযুক্তক চিনাক্ত কৰা হৈছে।