NORTHEAST NOW (Assamese)

লালকিল্লা হিংসাৰ ‘ম’ষ্ট ৱাণ্টেড’ অভিযুক্ত মনিন্দৰ সিঙক আটক দিল্লী আৰক্ষীৰ

February 17, 2021 10:38 am · এন ই নাও নিউজ

২৬ জানুৱাৰিত সংঘটিত হোৱা লালকিল্লাৰ হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকা ‘ম’ষ্ট ৱাণ্টেড’ মনিন্দৰ সিঙক মঙলবাৰে আৰক্ষীয়ে আটক কৰে।

দিল্লী আৰক্ষীৰ এটা দলে মঙলবাৰে পিতামপুৰাৰ পৰা মনিন্দৰ সিঙক আটক কৰে।

আৰক্ষীয়ে মনিন্দৰ সিঙৰ স্বৰূপ নগৰৰ বাসগৃহৰ পৰা দুখন তৰোৱালো উদ্ধাৰ কৰে বুলি জানিবলৈ দিয়ে।

অভিযুক্ত মনিন্দৰ সিঙক অধিক তথ্যৰ সন্দৰ্ভত বৰ্তমান জেৰা চলাই থকা গৈছে।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীয়ে লালকিল্লা হিংসাত জড়িত থকাৰ আন এগৰাকী অভিযুক্ত দিপ সিন্ধুকো আটক কৰিছিল।

উল্লেখযোগ্য যে, বিকৰ্তিত কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষক সকলে ২৬ জানুৱাৰিত দিল্লীত ট্ৰেক্টৰ ৰেলী উলিয়াইছিল।

উক্ত ট্ৰেক্টৰ ৰেলীৰ সময়ত প্ৰতিবাদী কৃষকৰ বহু সংখ্যক হিংসাত্মক হৈ পৰে আৰু লালকিল্লাত প্ৰৱেশ কৰি নিজৰ পতাকা উত্তোলন কৰে।

আৰক্ষীৰ সৈতেও বহু ঠাইত প্ৰতিবাদী কৃষক সকলে খণ্ড-যুদ্ধত লিপ্ত হয়।

Related News