NORTHEAST NOW (Assamese)

১ জানুৱাৰীত ১০ বছৰ সম্পূৰ্ণ কৰা সকলো ডিজেল বাহনৰ পঞ্জীয়ন বাতিল কৰিব দিল্লীয়ে

December 17, 2021 5:12 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি দিল্লী চৰকাৰে অহা বৰ্ষৰ প্ৰথম দিনাই ১০ বছৰ সম্পূৰ্ণ কৰিব পৰা সকলো ডিজেল বাহনৰ পঞ্জীয়ন বাতিল কৰিব আৰু আপত্তি বিহীন প্ৰমাণপত্ৰ (NOC) জাৰী কৰিব।

অৱশ্যে দিল্লী পৰিবহণ বিভাগে এই সপ্তাহৰ আৰম্ভণিতে জাৰি কৰা এক নিৰ্দেশ অনুসৰি ইয়াৰ বাবে আবেদন কৰাৰ তাৰিখত ১৫ বছৰ বা অধিক সময় সম্পূৰ্ণ কৰা ডিজেল বাহনৰ বাবে কোনো NOC জাৰী কৰা নহ’ব।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে দিল্লী-এনচিআৰ (ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল)ত ১০ বছৰতকৈ অধিক পুৰণি ডিজেল বাহন আৰু ১৫ বছৰতকৈ অধিক পুৰণি পেট্ৰ’ল বাহনৰ পঞ্জীয়ন আৰু চলাচলৰ ওপৰত নিষেধাজ্ঞা সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে।

২০১৬ চনৰ জুলাইৰ এক নিৰ্দেশত ন্যায়াধিকৰণে কৈছিল যে ১০ বছৰতকৈ অধিক পুৰণি ডিজেল বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ নিৰ্দেশনা কাৰ্যকৰীভাৱে পালন কৰা হ’ব।

পৰিবহণ বিভাগৰ নিৰ্দেশত কোৱা হৈছে যে “সেই অনুসৰি, বিভাগটোৱে ২০২২ চনৰ ১ জানুৱাৰীত দিল্লীত এনে সকলো ডিজেল বাহন পঞ্জীয়নমুক্ত কৰিব, যিবোৰে সেই তাৰিখত ১০ বছৰ সম্পূৰ্ণ কৰিছে বা সম্পূৰ্ণ কৰিব।”

Related News