NORTHEAST NOW (Assamese)
অসম

স্বয়ং দিল্লী মহিলা আয়োগৰ মুৰব্বীৰে শ্লীলতাহানি; গাড়ীৰে টানি-হেঁচুকি নিলে সুৰাসক্তই

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী January 19, 2023 5:03 pm

দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱালক এজন সুৰাসক্ত চালকে শ্লীলতাহানি কৰাৰ লগতে গাড়ীৰে টানি-হেঁচুকি নিয়ে। বৃহস্পতিবাৰে পুৱতি নিশা দিল্লীৰ এইমছ সমীপত এই ঘটনা সংঘটিত হয়। স্বাতী মালিৱালৰ হাত গাড়ীখনৰ খিৰিকীত লাগি ধৰিছিল। তেনে পৰিস্থিতিত, সুৰাসক্ত চালকজনে ভালেখিনি দূৰত্বলৈ গাড়ী চলাই নিছিল। পিছত গাড়ীখন ৰখাই স্বাতীক উদ্ধাৰ কৰা হয়।

ঘটনা সন্দৰ্ভত ইতিমধ্যে দিল্লী আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰা হৈছে। উল্লেখ্য যে নৱবৰ্ষৰ সন্ধিয়াও দিল্লীত এগৰাকী মহিলাক একেদৰে চলন্ত গাড়ীয়ে টানি নিছিল।

লগতে পঢ়ক: কাব্যঋষিৰ অন্তিম যাত্ৰা! আজি বিয়লিয়েই মহানগৰীৰ ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য

প্ৰকৃততে কি ঘটিছিল? দিল্লী মহিলা আয়োগৰ মুৰব্বী স্বাতী মালিৱাল বৃহস্পতিবাৰে পুৱা প্ৰায় ৩.১৫ বজাত এইমছ চিকিৎসালয়ৰ ২ নং গেটৰ বিপৰীত ফালে থিয় হৈ আছিল। হঠাতে তেওঁৰ সন্মুখলৈ এখন গাড়ী আহে। চালকজনে স্বাতীক গাড়ীত উঠিবলৈ কয়। কিন্তু স্বাতীয়ে তাক বাধা দিয়ে। কথা কোৱাৰ লগে লগে তেওঁ খিৰিকীখনত হাত ৰাখিছিল। তাতেই ঘটে বিপৰ্যয়। হঠাতে চালকজনে খিৰিকীৰ কাঁচবোৰ বন্ধ কৰে। স্বাতীৰ হাতখন গাড়ীৰ খিৰিকীত লাগি ধৰিছিল।

সেই পৰিস্থিতিত চালকজনে গাড়ী চলাবলৈ আৰম্ভ কৰে। স্বাতীক এনেদৰে প্ৰায় ১৫ মিটাৰ দূৰত্বলৈ টানি নিয়া হয়। পিছত চালকজনে গাড়ীখন ৰখাবলৈ বাধ্য হয়। স্বাতী তেওঁৰ সংগীসকলৰ হস্তক্ষেপৰ বাবে ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰে।

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, বাহনখনৰ চালকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰাথমিক পৰীক্ষাৰ পিছত দেখা গৈছে যে তেওঁ সুৰাপান কৰিছিল। ৪৭ বছৰীয়া হৰিশ চন্দ্ৰ নামৰ ব্যক্তিজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

লগতে পঢ়ক: সকলোকে আচৰিত কৰি হঠাতে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণৰ পদত্যাগ

ঘটনাটোৱে ১ জানুৱাৰীৰ নিশাৰ কৰুণ ঘটনাৰ স্মৃতি ঘূৰাই আনিছে। অঞ্জলি সিং নামৰ এগৰাকী ২০ বছৰীয়া যুৱতী চলন্ত গাড়ীত আৱদ্ধ হৈ পৰিছিল। চালকজনে তেওঁক দীৰ্ঘসময় ধৰি টানি নিছিল। যুৱতীগৰাকীৰ গুৰুতৰ আঘাতপ্ৰাপ্ত হৈ মৃত্যু হৈছিল।

ইপিনে, ঘটনা সন্দৰ্ভত টুইট কৰি স্বাতীয়ে কয়, “মহিলাৰ সুৰক্ষাৰ ব্যৱস্থা কি চলিছে সেয়া পৰীক্ষা কৰিবলৈ মই বাহিৰলৈ গৈছিলো। সেই সময়তে এজন সুৰাসক্ত চালকে মোক উৎপীড়ন কৰিলে। যদি মহিলা আয়োগৰ মুৰব্বীৰ ক্ষেত্ৰতে এনে হয়, তেন্তে দেশৰ সাধাৰণ লোকসকলৰ সুৰক্ষা ক’ত?’’