NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত ৰে’লৰ খুন্দাত টুকুৰা-টুকুৰ ৫৫ বছৰীয়া মহিলা

August 11, 2018 8:03 pm · মানস প্ৰতিম গগৈ
প্ৰতিনিধিত্বমূলক ছবি

মাৰ্ঘেৰিটাৰ মাকুম পথাৰত আজি শনিবাৰে সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত অৱন্তী কোঁৱৰ নামৰ এগৰাকী মহিলা থিতাতে নিহত হয়।

লিডুৰ পৰা ডিব্ৰুগড় অভিমুখী ডেম’ ট্ৰেইনখনে খুন্দিয়াই টুকুৰা-টুকুৰ কৰি পেলায় মাকুম পথাৰৰ নিবাসী ৫৫ বছৰীয়া মহিলাগৰাকীৰ দেহ।

অন্যহাতে দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি মানসিকভাৱে হতাশাগ্ৰস্ত হৈ মহিলাগৰাকীয়ে ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰা বুলিও একাংশ স্থানীয় ৰাইজে সন্দেহ কৰিছে।

শোকাৱহ ঘটনাটোৱে মাৰ্ঘেৰিটাৰ মাকুম পথাৰ এলেকাত শোকৰ ছাঁ‌ পেলাইছে।

পূৰ্বেও ঠাইটুকুৰাত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱা বাবে স্থানীয় ৰাইজে ঠাইডোখৰত সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈ ৰে’ল বিভাগক দাবী উত্থাপন কৰিছে।

Related News