NORTHEAST NOW (Assamese)

আন্দোলনৰ বাবে সাজু পাঁচমাহে দৰমহাৰ পৰা বঞ্চিত ৰাজ্যখনৰ ৫,৯২৪ গৰাকী হাইস্কুল শিক্ষক

July 28, 2019 7:46 am · এন ই নাও নিউজ
হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষক প্ৰতিবাদ। ফাইল ফটো

ৰাজ্যখনৰ ৫,৯২৪ গৰাকী ঠিকাভিত্তিক হাইস্কুল শিক্ষকৰ পাঁচমাহৰ দৰমহা ৰাজ্য চৰকাৰে মুকলি কৰি দিয়া নাই। যোৱা মাৰ্চ মাহৰ পৰা জুলাই মাহলৈকে এই পাঁচমাহৰ দৰমহা চৰকাৰে মুকলি কৰি নিদিয়াৰ ফলত শিক্ষকসকলে চৰম দুৰ্দশা ভোগ কৰিবলগীয়া হৈছে।

সদৌ অসম মাধ্যমিক ঠিকাভিত্তিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক মহীধৰ কলিতাই শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে।

কলিতাই জানিব দিয়ে যে তেওঁলোকৰ প্ৰাপ্য দৰমহাৰ দাবীত যোৱা ২৯জুনত সংস্থাৰ এটা প্ৰতিনিধি দলে মুখ্য মন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ দাখিল কৰিছিল।

মুখ্য মন্ত্ৰীয়ে তেওঁলোকক শীঘ্ৰে দৰমহা মুকলি কৰি দিয়াৰ আশ্বাস দিছিল যদিও সেই আশ্বাস আজিলৈকে পূৰণ নহ’ল।

কলিতাই লগতে জানিবলৈ দিয়ে যে তেওঁলোকৰ প্ৰাপ্য দৰমহা মুকলি কৰি দিয়াৰ দাবী লৈ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ কৰিবলৈ তেওঁৰ দিচপুৰৰ চৰকাৰী বাসভৱনলৈ গৈছিল যদিও শিক্ষা মন্ত্ৰীয়ে কোনো কথা শুনিব নিবিচাৰিলে আৰু তেওঁলোকক অপমান কৰিহে পঠিয়ায়।

উল্লেখ্য যে ঠিকাভিত্তিক উক্ত শিক্ষকসকলৰ ঠিকাৰ ম্যাদ ২৯ ফেব্ৰুৱাৰিতে উকলি যায় যদিও চৰকাৰে যোৱা ১২ জুনতহে তেওঁলোকৰ চাকৰিৰ ম্যাদ এবছৰলৈ বৃদ্ধি কৰে।

বিগত পাঁচ মাহে দৰমহাৰ পৰা বঞ্চিত ঠিকাভিত্তিক শিক্ষকসকলে অহা ২ আগষ্টৰ পৰা ৪ দিন প্ৰতিখন জিলাতে সৰ্বাত্মক শ্ৰেণী বৰ্জন আৰু জিলা উপায়ুক্ত কাৰ্যালয়, বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও কৰাৰ লগতে অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱস বৰ্জন কৰি গুৱাহাটীত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে।

Related News