NORTHEAST NOW (Assamese)
Popular Stories

মধ্যপ্ৰদেশৰ ১৮৬ গৰাকী বিধায়ক কোটিপতি, অধিকাংশই বিজেপিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 21, 2023 6:30 pm

মধ্যপ্ৰদেশ বিধানসভাত বৰ্তমানৰ ২৩০ জন বিধায়কৰ ভিতৰত ১৮৬ জনেই কোটিপতি। ইয়াৰে শাসকীয় বিজেপিৰ কোটিপতি বিধায়কৰ সংখ্যা ১০৭ জন। এই তথ্য এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ শেহতীয়া এক সমীক্ষাৰ পৰা জানিব পৰা গৈছে।

প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশ বিধানসভাৰ ৬২ গৰাকী বিধায়ক বা ৩৩ শতাংশ বিধায়কে তেওঁলোকৰ শিক্ষাগত অৰ্হতা পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশৰ ভিতৰত বুলি প্ৰকাশ কৰিছে। 

১৫৮ জন বিধায়কে স্নাতক আৰু স্নাতকোত্তৰ বুলি প্ৰকাশ কৰিছে। লগতে ৫ জন বিধায়কে সাক্ষৰ বুলি আৰু ১ জন বিধায়কে সম্পূৰ্ণ নিৰক্ষৰ সদৰী কৰিছে।

সমীক্ষা প্ৰতিবেদন অনুসৰি ২৩০ জন বিধায়কৰ ভিতৰত ১৮৬ জনেই  কোটিপতি। এই কোটিপতি বিধায়কসকলৰ তালিকাত শীৰ্ষত আছে বিজেপি। শাসকীয় বিজেপিৰ ১২৯ জন বিধায়কৰ ভিতৰত কোটিপতি বিধায়কৰ সংখ্যা ১০৭ গৰাকী।

বিজেপিৰ উপৰিও কংগ্ৰেছৰ ৯৭ জন বিধায়কৰ ভিতৰত ৭৬ জনেই কোটিপতি। লগতে ৩ জন নিৰ্দলীয় বিধায়কে নিজৰ সম্পত্তি ১ কোটিৰো অধিক বুলি ঘোষণা কৰিছে।

প্ৰতিবেদনটোত কোৱা হৈছে যে মধ্যপ্ৰদেশৰ বিধানসভাৰ বিধায়কৰ গড় ধন ১০.৭৬ কোটি টকা।

সমীক্ষাটোত ১২৯ গৰাকী বিজেপি বিধায়কৰ গড় সম্পদ ৯.৮৯ কোটি টকা বুলিও প্ৰকাশ পাইছে। ৯৭ গৰাকী কংগ্ৰেছ বিধায়কৰ গড় সম্পদ ১১.৯৮ কোটি টকা। ইয়াৰ উপৰিও ১ জন বিএছপি বিধায়কৰ গড় সম্পত্তি ৯৬.৬৫ লাখ টকা আৰু ৩ জন নিৰ্দলীয় বিধায়কৰ গড় সম্পত্তি ১১.৯৮ কোটি টকা।

বিজয়ৰগড়ৰ বিজেপি বিধায়ক সত্যেন্দ্ৰ পাঠক আটাইতকৈ ধনী। তেওঁৰ ঘোষিত সম্পত্তিৰ পৰিমাণ ২২৬.১৭ কোটি টকা। ৰাটলাম চহৰৰ বিধায়ক চৈতন্য কাশ্যপৰ ঘোষিত ধন ২০৪.৬ কোটি টকা। আনহাতে, পাণ্ডানা সমষ্টিৰ বিজেপি বিধায়ক ৰাম ডাংগোৰৰ সম্পত্তি মাত্ৰ ৫০,৭৪৯ টকা।

মধ্যপ্ৰদেশ বিধানসভাৰ বৰ্তমানৰ বিধায়কৰ ৯৬ গৰাকী বিধায়কৰ বয়স ২৫ ৰ পৰা ৫০ বছৰৰ ভিতৰত। ১৩৪ জন বিধায়কৰ বয়স ৫১ৰ পৰা ৮০ বছৰৰ ভিতৰত।

মধ্যপ্ৰদেশৰ ২৩০ গৰাকী বিধায়কৰ ভিতৰত মহিলা বিধায়কৰ সংখ্যা মাত্ৰ ৯ গৰাকী।

উল্লেখ্য যে,  অহা ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব পৰৱৰ্তী মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচন আৰু ৩ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ’ব।