NORTHEAST NOW (Assamese)

হাতী-মানুহ সংঘাতে বিধ্বংসী ৰূপ লৈছে অসমত! হাতীৰ গচকত প্ৰাণ হেৰুাৱালে ৭৮ বছৰীয়া বৃদ্ধাই

April 10, 2025 12:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 10, 2025 12:16 pm

হাতী-মানুহ সংঘাতে বিধ্বংসী ৰূপ লৈছে অসমত। অসম-অৰুণাচল প্ৰদেশ সীমান্তত অৱস্থিত জাগুনৰ সমীপৰ কঠা চেমা গাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱায় এগৰাকী বৃদ্ধাই।

মৃত বৃদ্ধ মহিলা গৰাকী অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰৰ বাসিন্দা ৭৮ বছৰীয়া শ্বোভা তামাঙ বুলি  চিনাক্ত কৰিছে। খবৰ অনুসৰি এই ঘটনা সংঘটিত হোৱাৰ সময়ত জাগুনৰ কঠা চেমা গাঁৱত থকা আত্মীয়ৰ ওচৰলৈ গৈ আছিল মহিলা গৰাকী।

স্থানীয় ৰাইজৰ মতে, হঠাতে হাতীটোৱে হাবিৰ পৰা ওলাই আহি মহিলাগৰাকীক মাৰাত্মকভাৱে ভৰিৰে মোহৰাৰ বাবে মৃত্যুক আকোঁৱালি লয়। বনৰীয়া হাতীৰ এই আক্ৰমণে অঞ্চলটো জোকাৰি গৈছে।

বন আৰু আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। স্থানীয় ৰাইজে এনে শোকাৱহ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে সংঘাতপ্ৰৱণ অঞ্চলত বসবাস কৰা লোকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

Related News