NORTHEAST NOW (Assamese)

মহানগৰীৰ লাচিত নগৰত ভয়ংকৰ অগ্নিকাণ্ড; বিস্তৰ ক্ষতিৰ আশংকা

December 31, 2020 7:58 pm · কল্পজ্যোতি শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

গুৱাহাটীৰ লাচিত নগৰত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড।

লাচিত নগৰৰ বি টি কলেজৰ সন্মুখৰ এটা গাড়ীৰ গেৰেজত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

শ্বৰ্ট ছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানলৈকে প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৪০ বজাত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আহি জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে জুই নিৰ্বাপন কৰিব পৰা নাই।

অগ্নিকাণ্ডৰ ফলত কাষৰ এঘৰত ৫ টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ খবৰ আহিছে।

জানিব পৰা মতে অগ্নিকাণ্ডৰ ফলত বিছিন্ন কৰা হৈছে বিদ্যুত সেৱা।

অগ্নিকাণ্ডৰ ফলত এটি গেৰেজ, কেইবাটাও কোঠা আৰু কেইবাখনো বাহন জ্বলি উঠা বুলি জানিব পৰা গৈছে।

Related News