NORTHEAST NOW (Assamese)

অসমৰ বাংলাদেশীক নথি-পত্ৰ যোগান ধৰিছে বাংলাদেশে!

September 30, 2018 11:02 pm · ৰাজীব ৰয়
Updated: September 30, 2018 11:07 pm
ৰাজনাথ সিঙৰ ফাইল ছবি।

অসমৰ বিভিন্ন দিটে’নচন কেম্পত বন্দী হৈ থকা ৫২ গৰাকী বাংলাদেশী নাগৰিকৰ বিতাৰণৰ বাবে ভ্ৰমণৰ যাৱতীয় নথি-পত্ৰ প্ৰেৰণ কৰিছে ঢাকাই।

অসমত বন্দী হৈ থকা লোককেইজন বাংলাদেশী নাগৰিক বুলি পতিয়ন যোৱাৰ পিছতে ভাৰতৰ গৃ্হ মন্ত্ৰ্যালয়ক তেওঁলোকৰ যাৱতীয় নথি-পত্ৰ যোগানৰ সিদ্ধান্ত লয় বাংলাদেশে।

‘‘হয়, আমি বাংলাদেশ চৰকাৰৰ পৰা বাৰ্তা লাভ কৰিছো আৰু সেই মতে আমি অসম চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিছো,’’ গৃ্হ মন্ত্ৰ্যালয়ৰ সূত্ৰত প্ৰকাশ।

এইসকল বিদেশীক বিতাৰণৰ বল এতিয়া অসম চৰকাৰৰ ক’ৰ্টত। অসম চৰকাৰেই বিতাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ৰিপুন বৰাৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত ২৫ জুলাইতো এই কথা জনাইছিল কেন্দ্ৰীয় গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে লগতে জনাইছিল যে চৰকাৰী তথ্য অনুসৰি ২০১৬-১৭ চনত অসমৰ বিভিন্ন ডিটেনচন কেম্পৰ পৰা ৩৯গৰাকী বাংলাদেশী নাগৰিকক বিতাৰণ কৰা হৈছে।

Related News