NORTHEAST NOW (Assamese)
Uncategorized

বগীবিল দলঙক চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ কৰাৰ দাবী আহোম সভাৰ

Posted by: এন ই নাও নিউজ December 14, 2018 10:55 am
Bogibeel-Bridge-over-Brahmaputra-River-750x375

অহা ২৫ ডিচেম্বৰে বগীবিল দলংখন উদ্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দলংখন উদ্বোধন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত উক্ত দলখন আহোম ৰজা চাওলুং চ্যুকাফাৰ নামেৰে নামাংকিত কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম আহোম সভাৰ ডিব্ৰুগড় জিলা কমিটীয়ে।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে স্বৰ্গদেউ চ্যুকাফা হৈছে বৰ অসম আৰু অসমীয়া সমাজৰ প্ৰতিষ্ঠাতা।

চ্যুকাফাক দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ ঐতিহাসিক যোগসূত্ৰৰ উদাহৰণ হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াতে আৰু কোৱা হৈছে যে ভাৰতৰ এক্ট ইষ্ট পলিচী বাস্তৱায়ন কৰাৰ বাবে এই যোগসূত্ৰ গুৰুত্বপূৰ্ণ বিৱেচিত হ’ব।

স্মাৰকপত্ৰখনত পশ্চিম অসমৰ যোগীঘোপাত প্ৰস্তাৱিত ৰেলপথ-স্থলপথ দলংখনক কোচ ৰজা নৰনাৰায়ণৰ নামেৰে নামাংকিত কৰাৰো প্ৰস্তাৱ ৰখা হৈছে। চ্যুকাফাই যিহেতু মানুহ আৰু সংস্কৃতিৰ মাজত ঐক্যৰ সেতু বন্ধন কৰিছিল, সেয়েহে বগীবিল দলংখনক ‘চাওল্যুং চ্যুকাফা সমন্বয় সেতু’ হিচাপে নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

উল্লেখ্য যে, স্মাৰকপত্ৰৰ প্ৰতিলিপি ইতিমধ্যে ৰে’লমন্ত্ৰী পীয়ুষ গোৱেল, পথ পৰিবহম মন্ত্ৰী নীতীন গাডকাৰী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈকেও প্ৰেৰণ কৰা হৈছে।