NORTHEAST NOW (Assamese)

কংগ্ৰেছে ধাৰা ৩৭০ প্ৰত্যাহাৰৰ সিদ্ধান্ত পুনৰ্বিবেচনা কৰিব; দ্বিগ্বীজয় সিঙৰ মন্তব্যত আক্ৰমণাত্মক বিজেপি

June 13, 2021 7:55 am · এন ই নাও নিউজ
দ্বিগ্বীজয় সিং।

সংবিধানৰ ধাৰা ৩৭০ প্ৰত্যাহাৰ অতি দুৰ্ভাগ্যজনক সিদ্ধান্ত আৰু কংগ্ৰেছ ক্ষমতালৈ আহিলে বিষয়টো পুনৰ্বিবেচনা কৰিব বুলি ক্লাবহাউছৰ বাৰ্তালাপত কংগ্ৰেছ নেতা দ্বিগ্বীজয় সিঙে কৰা মন্তব্যৰ অডিঅ’ প্ৰকাশ পাইছে।

ইয়াকে লৈ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা বিজেপিৰ অভিযোগ যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সপক্ষে কথা কৈছে।

শনিবাৰে পুৱাই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ক্লাবহাউছৰ সেই বাৰ্তালাপত দ্বিগ্বীজয় সিং নামৰ ব্যক্তি এজনে কোৱা শুনা গৈছিল, ‘’সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ সময়ত কাশ্মীৰত গণতন্ত্ৰ নাছিল। তাত মানৱতা নাছিল, কিয়নো তেওঁলোকে (কেন্দ্ৰৰ বিজেপি চৰকাৰে) সকলোকে জেলত সোমাই দিছিল।‘’

লগতে কোৱা শুনা গৈছিল, ‘’কাশ্মীৰায়ৎ দৰাচলতে ধৰ্মনিৰপেক্ষতাৰ মৌলিক বিষয়। কিয়নো মুছলমান অধ্যুষিত ৰাজ্যত হিন্দু ৰজা আছিল আৰু দুয়োপক্ষই একেলগেই আছিল। কাশ্মীৰি পণ্ডিতসকলেতো কাশ্মীৰত চৰকাৰী চাকৰি সংৰক্ষণৰ সুবিধা পাইছিল। সেয়ে সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ আৰু জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰা অতি দুৰ্ভাগ্যজনক সিদ্ধান্তষ কংগ্ৰেছে অৱশ্যেই বিষয়টো বিবেচনা কৰিব।‘’

এই বক্তৱ্যৰ বিষয়টো পোনপটীয়াকৈ অস্বীকাৰ নকৰিলেও বিজেপিক আক্ৰমণ কৰি দ্বিগ্বীজয় সিঙে কয় ‘’অশিক্ষিত লোকসকলে সম্ভৱত কৰা হ’ব আৰু বিবেচনা কৰা হ’বৰ পাৰ্থক্য বুজি নাপায়।‘’

ইয়াৰ পাছতে বিভিন্নজনে দ্বিগ্বীজয় সিঙে আওপকীয়াকৈ ক্লাবহাউছৰ বাৰ্তালাপৰ সময়ত তেওঁ আছিল আৰু তেওঁৱেই সেই মন্তব্য কৰাৰ কথা বুলি উভতি ধৰে।

বিজেপিৰ দাবী যে দ্বিগ্বীজয়ে পাকিস্তানৰ এজন সাংবাদিকক সেই কথা কৈছিল। বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই গোটেই বিষয়টোত কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধী আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয়,’’কংগ্ৰেছৰ প্ৰথম পছন্দ হৈছে পাকিস্তান। দ্বিগ্বীজয় সিঙে ৰাহুল গান্ধীৰ বাৰ্তা পাকিস্তানক জনাই দিলে। দ্বিগ্বীজয়ে ৩৭০ ধাৰাক লৈ যি কৈছে, সেইটোকে লৈ পাকিস্তানে আন্তৰ্জাতিক মঞ্চত কথা কয়।‘’

Related News