NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৫০০০ মিটাৰ দৌৰত দীপামনি ডেকাৰ স্বৰ্ণ জয়

June 20, 2022 8:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 20, 2022 8:50 pm
দীপামনি ডেকা।

যোৱা ১৬ ৰ পৰা ১৯ জুনলৈ স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ত ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে অনুষ্ঠিত কৰা চাৰিদিনীয়া উদ্বোধনী ৰাষ্ট্ৰীয় অ’পেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৫০০০ মিটাৰ দৌৰত অসমৰ দীপামনি ডেকাই স্বৰ্ণ জয় কৰে।  

দৰং জিলাৰ উদমাৰী গাঁৱৰ বাসিন্দা দিপামনিয়ে ২৪ ৰ পৰা ২৮ মাৰ্চলৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত নৰ্থ ইষ্ট অপেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ৮০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰিছিল।

লগতে পঢ়ক: ঘৰৰ বিভিন্ন স্থানত পৰি ৰৈছে মৃতদেহ; একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যুক লৈ ৰহস্য 

ইয়াৰ পূৰ্বেও দিপামনিয়ে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিছিল।

১৬ৰ পৰা ১৯ জুনলৈ স্বৰ্ণিম গুজৰাট ক্ৰীড়া বিশ্ববিদ্যালয়ত ভাৰতীয় এথলেটিকছ ফেডাৰেশ্যনে অনুষ্ঠিত কৰা চাৰিদিনীয়া উদ্বোধনী ৰাষ্ট্ৰীয় অপেন মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ শ্ৰেষ্ঠ ১৬ গৰাকীয়ে (মহিলা শাখাত তেওঁলোকৰ ১০ জন) পঞ্জীয়ন কৰিছিল।  

Related News