NORTHEAST NOW (Assamese)

অপৰাধী আৰক্ষী : ফাদিল ডিএছপি ভাস্কৰ ওজাৰ উৎকোচ লোৱা কল ৰেকৰ্ডিং!

August 11, 2018 6:34 am · কল্পজ্যোতি শইকীয়া

‘আশ্চৰ্য্যজনক ভাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে খবৰ পোৱা অনুসৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই গোচৰ দিবলৈ মানা কৰিছে।‘

শুকুৰবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কৃষক নেতা অখিল গগৈয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আনে।

উল্লেখ্য যে ভূৱা কেচ ডায়েৰী প্ৰস্তুতৰ বাবে আৰিফুল নামৰ এগৰাকী লোকৰ পৰা ৩০ লাখ টকা উৎকোচ হিচাপে লৈ ভাস্কৰ ওজা নিলম্বন হোৱা বুলি উক্ত সংবাদমেলত অখিল গগৈয়ে জানিবলৈ দিয়ে।

অৱশ্যে, ‘বিভিন্নজনে মোক এই তথ্য যোগান ধৰিছে নাজানো কিমান দূৰ সঁচা।‘ এই বুলি মন্তব্য কৰি গগৈয়ে কয়, ‘আশা কৰিছো কুলধৰ শইকীয়াই গোচৰ ৰুজু কৰি ভাস্কৰ ওজাক গ্ৰেপ্তাৰ কৰিব।‘

‘তেওঁক নিলম্বন কৰা হৈছে এটা কাৰণেই যে এগৰাকী ব্যক্তিৰ পৰা কেচ ডায়েৰী লিখি দিয়াৰ বাবদ ৩০ লাখ টকাৰ উৎকোচ লৈছিল। উৎকোচ লোৱাৰ যিটো কল ৰেকৰ্ডিং আৰক্ষীৰ হাতত পৰিছিল তাক লুকুৱাবলৈ চেষ্টা কৰিছিল অসম আৰক্ষীয়ে,‘ অখিল গগৈয়ে এইদৰে কয়।

আনহাতে, বহুসংখ্যক ব্যক্তিৰ হাতত উক্ত কল ৰেকৰ্ডিং পৰাৰ কাৰণে তেওঁক অতি গোপনে নিলম্বন কৰা হৈছিল বুলি কৃষক নেতাগৰাকীয়ে উক্ত সংবাদমেলত সদৰী কৰে।

তেওঁ লগতে কয়, ‘ইয়াৰ পৰা প্ৰমাণিত হ’ল কল ৰেকৰ্ডিঙটোৰ কথা মুখ্যমন্ত্ৰী, আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ গৃহবিভাগে জানে।‘

তদুপৰি ভাস্কৰ ওজাক নিলম্বন কৰিলে যদিও বৰ্তমানলৈকে তেওঁৰ বিৰুদ্ধে উৎকোচ লোৱাৰ কোনোধৰণৰ গোচৰ ৰুজু কৰা হোৱা নাই বুলি জানিবলৈ দি তেওঁ লগতে কয়,  ‘তেওঁক গ্ৰেপ্তাৰ কৰিলেই বিষয়টো বহুলভাৱে প্ৰচাৰ হৈ যাব, সেয়েহে তেওঁৰ বিৰুদ্ধে এটা গোচৰো তৰা হোৱা নাই লগতে তেওঁক গ্ৰেপ্তাৰো কৰা হোৱা নাই।‘

আনহাতে, ‘ভাস্কৰ ওজাৰ ওপৰত গোচৰ ৰুজু কৰাহেঁতেন,যদি গ্ৰেপ্তাৰ কৰাহেঁতেন, তেতিয়াহ’লে এই কল ৰেকৰ্ডিং আমি সংবাদ মাধ্যমৰ হাতত নিদিলোহেঁতেন। তেতিয়া এই বিষয়ৰ ওপৰত মাত নামাতিলোহেঁতেন,‘ -এইবুলিও সংবাদমেলত সদৰী কৰে অখিল গগৈয়ে।

তেওঁ সংবাদমেলত কৰা অভিযোগ মৰ্মে আৰিফুল নামৰ লোকজনৰ কেচ ডায়েৰী ভূৱাকৈ লিখি দিয়াৰ বিনিময়ত এই ৩০ লাখ টকাৰ আগধন হিচাপে লৈছিল ধুবুৰীৰ নিলম্বিত ডিএছপি ভাস্কৰ ওজাই। তেওঁৰ মতে, ‘গৰুৰ চোৰাং কাৰবাৰৰ নামত ভূৱা কেচ ডায়েৰী লিখি দিয়াৰ বাবদ ৩০ লাখ টকা উৎকোচ লৈছিল।‘

তাৎপয্যপূৰ্ণভাৱে পূৰ্বে অভিযুক্ত ভাস্কৰ ওজা এগৰাকী ঔষধ বিক্ৰী কৰা লোক আছিল বুলি জানিবলৈ দিয়ে কৃষক নেতা অখিল গগৈয়ে।

তেওঁ লগতে কয়,  ‘ভাস্কৰ ওজাই এপিএছচিত চাকৰি পোৱাৰ পাছত বৰপেটাত এক কোটি টকাৰ বিনিময়ত এটা ডাঙৰ সম্পত্তি ক্ৰয় কৰিছিল। তেওঁ বৰপেটা চহৰত মাটিৰ সৈতে এখন ফাৰ্মাচী ক্ৰয় কৰিছিল।‘

আনহাতে, উক্ত সংবাদমেলতে বক্ৰ পথেৰে ভাস্কৰ ওজাই ২০১৫ চনত চাকৰিত যোগদান কৰিছিল বুলিও গুৰুতৰ অভিযোগ তোলে কৃষক নেতাগৰাকীয়ে।

তাৎপয্যপূৰ্ণভাৱে সাংবাদিক জনৰ নাম উচ্চাৰণ নকৰাকৈ অখিল গগৈয়ে উক্ত সংবাদমেলত কয়, ‘এজন সাংবাদিকে হেমেন দাস আৰু ভাস্কৰ ওজাক ৰাকেশ পালৰ জৰিয়তে নিযুক্তি দিছিল।‘

আনহাতে, আৰক্ষীয়ে এতিয়ালৈকে এপিএছচিৰ কেলেংকাৰীত অভিযুক্ত হেমেন দাস আৰু ভাস্কৰ ওজাক গ্ৰেপ্তাৰ নকৰাত কিবা ৰহস্য জড়িত হৈ থকা বুলি সন্দেহ প্ৰকাশ কৰে কৃষক নেতা গগৈয়ে।

অখিল গগৈয়ে যোগান ধৰা টেলিফোনিক বাৰ্তালাপৰ অংশ

আৰিফুল : অ’ চাৰ,

ভাস্কৰ ওজাৰ ভাষ্য : কোনে কৈছে

ছাৰ মই আৰিফুল, আপোনাৰ কোৱাৰ্টাৰলৈ আহিছো।

ভাস্কৰ ওজাৰ ভাষ্য : আপুনি নিজে আহিছে নেকি?

আৰিফুল ‘হয় ছাৰ মই নিজে আহিছো,

সিফালৰ পৰা : মই এতিয়া আপোনাৰ কেচ ডায়েৰীত ব্যস্ত আছো। আপুনি এটা কাম কৰক হা, মোৰ যিটো ৰুম অৰ্ডাৰ্লি আছে তাৰ হাততে দি যাওঁক, ৩০ লাখ টকা হা।

আৰিফুল : হ’ব।

Related News