NORTHEAST NOW (Assamese)

এন আৰ চি : আপত্তি দৰ্শোৱাৰ দায়িত্ব ৰাইজক দিয়াত আপত্তি বিধায়ক অতুল বৰাৰ

December 14, 2018 11:52 am · এন ই নাও নিউজ
বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত বিধায়ক অতুল বৰাৰ সংবাদেমল। ফটো : ইউ বি

যিবোৰ সন্দেহযুক্ত বিদেশী এন আৰ চিত অন্তৰ্ভুক্ত হৈছে, সেইবোৰৰ আপত্তি দৰ্শোৱা কাৰ্য এন আৰ চি কৰ্তৃপক্ষৰহে।সাধাৰণ ৰাইজক ইয়াৰ মাজলৈ টানি অনা কাৰ্য কেতিয়াও গ্ৰহণীয় নহয়। গুৱাহাটী প্ৰেছ ক্লাবত বৃহস্পতিবাৰে এন আৰ চি সন্দৰ্ভত দিচপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই এইদৰে মন্তৱ্য কৰে।

প্ৰকৃত ভাৰতীয়ৰ বাবেহে এন আৰ চি হ’ব লাগে বুলি উল্লেখ কৰি বৰাই কয়, ‘‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ গোটেই পদ্ধতিটোৰে সংশোধনৰ প্ৰয়োজন আছে। এন আৰ চিৰ বিষয়াসকলে বিদেশী চিনাক্ত কৰিব নোৱাৰি আপত্তি দৰ্শাবলৈ সাধাৰণ ৰাইজক দায়িত্ব দি দিছে। ই এক অসম্ভৱ কাৰ্য।‘’

নিৰ্বাচনী আইনতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি অথবা বাদ দিয়াৰ ক্ষেত্ৰত আপত্তিৰ সুবিধা থকাৰ পিছতো এন আৰ চি কৰ্তৃপক্ষই অনাহক সাধাৰণ ৰাইজক টানি অনাৰ বাবে বৰাই আশ্চৰ্য প্ৰকাশ কৰে।

অসম আন্দোলনৰ প্ৰসংগ টানি আনি বৰাই কয় যে তেতিয়াও এনে দশা হৈছিল।  এতিয়া সাধাৰণ ৰাইজে লাখ লাখ সন্দেহযুক্ত বিদেশী  থকা এলেকাত কেনেকৈ বিদেশী চিনাক্ত কৰিব বুলি তেওঁ প্ৰশ্ন কৰে।

আনহাতে, এই সন্দৰ্ভত চৰকাৰৰ পূৰ্ণ সহযোগিতাৰ প্ৰয়োজনৰ কথা উল্লেখ কৰি বৰাই লগতে কয়, ‘‘উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ওজৰ-আপত্তিৰ বাবে ১৫ দিন বৃদ্ধি কৰিছে। মোৰ বোধেৰে যদিহে চৰকাৰৰ ফালৰ পৰা সহযোগিতা নাথাকে ১৫ বছৰতো এখন শুদ্ধ এন আৰ চি হৈ নুঠিব।‘’

ইপিনে বিধায়কজনে এন আৰ চিৰ কামত বিদেশীৰ স্বাৰ্থত কাম কৰিব বিচৰা মানুহো জড়িত হৈ থকাৰ সন্দেহ ব্যক্ত কৰে। তেওঁ নাম অন্তৰ্ভুক্তি নহয়, বিদেশীক এন আৰ চিৰপৰা বাদ দিয়াটোৱে প্ৰকৃত সমস্যা বুলিও উল্লেখ কৰে। এই সন্দৰ্ভত বিজেপি বিধায়ক বৰাই বৃহস্পতিবাৰে দেশৰ মুখ্য ন্যায়াধীশলৈ এখন পত্ৰও প্ৰেৰণ কৰে।

Related News