NORTHEAST NOW (Assamese)
Popular Stories

বিচিত্ৰ! ১৩৮ বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত জন্ম হ’ল কন্যা সন্তান।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 9, 2023 2:04 pm

সন্তান লাভ হৈছে পিতৃমাতৃৰ বাবে অপৰিসীম সুখৰ আধাৰপিতৃমাতৃৰ এই সুখে পৰিয়ালৰ আন সদস্যৰ লগতে আত্মীয়স্বজন আৰু ওচৰচুবুৰীয়াকো চুই যায়।

আমেৰিকাৰ এহাল দম্পতীৰ জীৱনলৈ অহা এক কন্যা সন্তানে সকলোকে বিশেষভাবে আনন্দ প্ৰদান কৰিছে। কাৰণ এই কন্যা সন্তানটিৰ বাবে পৰিয়ালটোৱে বাট চাই আছিল ১৩৮ বছৰৰ পৰা।

কাৰণ, সুদীৰ্ঘ ১৩৮ বছৰৰ মূৰত এই পৰিয়ালত জন্ম হৈছে এটি কন্যা সন্তান

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, সন্তানটিৰ পিতৃমাতৃ এণ্ড্ৰু ক্লাৰ্ক আৰু কেৰ’লিন ক্লাৰ্ক আমেৰিকাৰ মিচিগান ৰাজ্যত বাস কৰে। যোৱা ১৭ মাৰ্চত কেৰ’লিনে জন্ম দিয়ে এই কন্যা সন্তান। তাইৰ নাম অড্ৰে ক্লাৰ্ক।

এণ্ড্ৰু আৰু কেৰ’লিনৰ চিনাকি হৈছিল এদশকৰো অধিক পূৰ্বে। সেই সময়ত কেৰ’লিনে গম পালে যে ১৮৮৫ চনৰ পৰা এণ্ড্ৰুৰ পৰিয়ালত কোনো কন্যাৰ জন্ম হোৱা নাই। এই কথাই কেৰ’লিনক স্তম্ভিত কৰি তুলিলে।

তাৰ পিছত দুয়োৰে বিয়া হ’ল। বিয়া পাতি দুয়োৱে আশাৰে বাট চাইছিল এটি কন্যা সন্তানৰ বাবে। কিন্তু জন্ম হ’ল এটি ল’ৰা সন্তানৰ। ল’ৰা সন্তানটিৰ নাম ৰাখিলে কেমেৰন। তেওঁৰ বয়স এতিয়া চাৰি বছৰ।

কেমেৰনৰ জন্মৰ পিছৰ দিনবোৰ এই দম্পতীৰ বাবে অতি কঠিন আছিল। কেমেৰনৰ জন্মৰ পিছত একেৰাহে দুবাৰকৈ গৰ্ভপাত হৈছিল মাতৃ কেৰ’লিনৰ । কিন্তু তেওঁলোকে আশা এৰি দিয়া নাছিল। এটি সুস্থ জন্মৰ বাবে তেওঁলোকে প্ৰাৰ্থনা কৰিছিল। এইবাৰ তেওঁলোকে কন্যা বা ল’ৰা সন্তানৰ আশা কৰা নাছিল। আশা কৰিছিল মাথোঁ এটি সুস্থ সন্তানৰ।

অৱশেষত ভাল খবৰটো আহিল। দম্পতীহালৰ দ্বিতীয় সন্তানৰ ৰূপত সুদীৰ্ঘ ১৩৮ টা বছৰৰ মূৰত পৰিয়ালটোলৈ আহিল এগৰাকী দিপলিপ কন্যা সন্তান। নাম যাৰ – অড্ৰে ক্লাৰ্ক।