NORTHEAST NOW (Assamese)
Popular Stories

গৰমত নিৰ্বস্ত্ৰে শুৱাৰ অভ্যাস আছে নেকি? জানি লওক ইয়াৰ উপকাৰিতা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 25, 2024 5:41 pm

গৰমেই হওক বা ঠাণ্ডাই হওক, বহু মানুহে নাঙঠ হৈ শুবলৈ ভাল পায় বা সুবিধাজনক অনুভৱ কৰে। জানি বা নাজানি বহুতেই শোৱাৰ আগত শৰীৰৰ সকলো বস্ত্ৰ পৰিহাৰ কৰি শুবলৈ যায়। কিন্তু বহুতেই নাজানে যে এনেকৈ শোৱাৰো আছে স্বাস্থ্যৰ অনেক উপকাৰিতা।

জানো আহক উলংগ হৈ শোৱাৰ কেইটামান স্বাস্থ্য উপকাৰিতাৰ বিষয়ে –

উষ্ণতা নিয়ন্ত্ৰণ: গৰমত ৰাতি উলংগ হৈ শুলে শৰীৰে অতিৰিক্ত তাপ এৰি দিব পাৰে। যাৰ ফলত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ থাকে।

টোপনি গুণগত মান বৃদ্ধি : শৰীৰটো ঠাণ্ডা কৰি ৰাখি গৰমৰ দিনত উলংগ হৈ শুলে গভীৰ আৰু অধিক জিৰণিদায়ক টোপনি আহিব পাৰে। শীতল শৰীৰে টোপনি নিয়ন্ত্ৰণ কৰা হৰম’ন মেলাটনিনৰ উৎপাদন বৃদ্ধি কৰে।

ছালৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস : গ্ৰীষ্মকালত কাপোৰ নোহোৱাকৈ শুলে ঘাম বা ঘৰ্ষণৰ ফলত হ’ব পৰা ছালৰ বিষ আৰু ফোহা হোৱাৰ সম্ভাৱনা কমি যায়। নাঙঠ অৱস্থাত শৰীৰৰ চাৰিওফালে বায়ু চলাচল কৰিব পৰা সুবিধা থাকে বাবে ছালখন শুকান হৈ থাকে আৰু ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস পায়।

শৰীৰৰ দুৰ্গন্ধ প্ৰতিৰোধ : উলংগ হৈ শুলে ছালৰ পৰা ওলোৱা ঘাম অধিক কাৰ্যক্ষমভাৱে বাষ্পীভৱন হয়। ই শৰীৰৰ দুৰ্গন্ধ হ্ৰাস কৰিব পাৰি।

দম্পতীৰ ঘনিষ্ঠতা বৃদ্ধি : স্বামী-স্ত্ৰী বা প্ৰেমিক-প্ৰেমিকাই একেলগে উলংগ হৈ শুলে শাৰীৰিক আৰু আত্মিক ঘনিষ্ঠতা বৃদ্ধি পায়। যিয়ে সামগ্ৰিকভাৱে সম্পৰ্কৰ সন্তুষ্টিত যোগাত্মক প্ৰভাৱ পেলায়।

ওজন হ্ৰাসৰ সম্ভাৱনা : কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে গ্ৰীষ্মকালত উলংগ হৈ শুলে ব্ৰাউন ফেট সক্ৰিয় হ’ব পাৰে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰিব পাৰে।

উন্নত প্ৰজনন ক্ষমতা : পুৰুষ  উলংগ হৈ শুলে অণ্ডকোষৰ উষ্ণতা নিয়ন্ত্ৰণত থাকে। অণ্ডকোষৰ উষ্ণতা নিয়ন্ত্ৰণত থাকিলে শুক্ৰাণুৰ উৎপাদন বৃদ্ধি পায়।

সামগ্ৰিকভাৱে গ্ৰীষ্মকালত উলংগ হৈ শুলে ভাল টোপনিৰ লগতে স্বাস্থ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ উপকাৰ সাধন হয়। অৱশ্যে উলংগ হৈ শোৱা নোশোৱাতোৰ লগত মানুহৰ ব্যক্তিগত পচন্দৰ কথাটোও জড়িত হৈ থাকে।