NORTHEAST NOW (Assamese)
জীৱনশৈলী

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 16, 2022 8:50 pm
benefits of fenugreek

আমি আমাৰ খাদ্য তালিকাত বিভিন্ন শাক-পাচলি ব্যৱহাৰ কৰাৰ উপৰি সুগন্ধি হ’বলৈ মচলাজাতীয় উদ্ভিদ বা বা আন খাদ্য সামগ্ৰী ব্যৱহাৰ কৰো। সকলো মানুহৰ বাবে এই মচলাবোৰ ৰুচিকৰ নহ’লেও বহু মানুহৰ বাবে মচলা নহ’লে খাদ্যবস্তু জুতি নালাগে।

অতীতৰে পৰা চলি অহা এই মচলাবোৰৰ মাজৰে এবিধ অতি উপকাৰী মচলা হ’ল মেথি। মেথি গুটিৰ ইংৰাজী নাম ফেনুগ্ৰীক। বৈজ্ঞানিক নাম ট্রাই গনেল ফ’নাম গ্ৰেচিকাম। ভাৰতবৰ্ষৰ সকলো মানুহেই মচলা খাই ভাল পায়।

মেথিৰ উপকাৰিতাৰ বিষয়ে জানো আহক:

মেথি গছ বনজাতীয় শাক। ডিম্বাকৃতিৰ সৰু সৰু পাত থাকে। পাতবোৰ দালিত দি খাব পাৰি। গুটিবোৰ হালধীয়া আৰু তিতা ভাব আছে৷

আকৃতিত সৰু মেথি গুটিবোৰৰ উপকাৰিতাও অধিক আছে বুলি গৱেষকসকলে পৰীক্ষা-নিৰীক্ষা কৰি তথ্য প্রকাশ কৰিছে।

গৱেষকসকলৰ মতে, মেথি গুটি খালে চুলিৰ সমস্যা দূৰ হয়। ডায়েবেটিছ ৰোগীয়ে পুৱা মেথি গুটি খালে ছুগাৰ হ্রাস হয়। ৰক্তহীনতাত ভোগাসকলৰ বাবেও উপকাৰী। ওজন কমাবলৈ পুৱা খালী পেটত মেথি গুটি চোবাই খালেও উপকাৰিতা পায়।

Also read : High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

জ্বৰ বা অৰুচি হ’লেও মেথি গুটি খাব পাৰিলে আৰোগ্য লাভ কৰে। শ্বাস-প্ৰশ্বাসৰ অসুবিধাবোৰ, মুখত হোৱা ঘা, ডিঙিৰ বিষ, জ্বলন-পোৰণ, আঘাত আৰু টোপনি নাহিলে টোপনি অহা আদি অনেক ৰোগৰ মহৌষধ বুলি গৱেষকে কয়।

মাতৃ দুগ্ধ কম হ’লে মেথি খালে দুগ্ধ বেছি হয় বুলি কয়। মাহেকীয়াত হোৱা বিষ-বেদনা উপশম কৰে বুলি জনা যায়। ডিম্বাশয় ৰোগৰ বাবে মেথিৰ উপকাৰিতা আছে। হৃদযন্ত্ৰৰ হ’বলগীয়া বিভিন্ন সমস্যা ৰোধ কৰাত মেথি গুটিৰ শক্তি আছে বুলি প্রমাণ পাইছে।

মেথি শাক মানুহে আঞ্জা বনাই নতুবা গুটি চোবাই খাবও পাৰে। উপকাৰিতা যিমান আছে মেথি গুটি খোৱাৰ পাৰ্শ্বক্রিয়াও অনেক আছে বুলি জনা যায়। মেথিৰ লগত ৰাহি যোৰা নহাসকলৰ ডায়েৰীয়া হ’ব পাৰে।

পেটত গেছ হৈ পেট বিষাব পাৰে। এলাৰ্জী বা মুখমণ্ডল ফুলিবও পাৰে। কাহ বা ফোঁচফোচনি হ’ব পাৰে। পেচাবৰ গোন্ধ ওলাব পাৰে নতুবা ব্লাড প্ৰেছাৰ কম থকাসকলৰ একেবাৰে কমি যাব পাৰে।

সেইবাবে খাওঁতাসকলে কমকৈ খালে এনেধৰণৰ পাৰ্শ্বক্রিয়াৰ পৰা মুক্ত হ’ব পাৰে বুলি গৱেষকসকলে মত প্রকাশ কৰিছে।

মেথি গুটি আৰু পাতত থকা উপাদানসমূহ হ’ল:

আয়ৰণ, পটাছিয়াম, কেলচিয়াম, ছেলেনিয়াম, কপাৰ, জিংক, মেংগানিজ আৰু মেগনেছিয়াম। তদুপৰি ইয়াত থিয়ামিন, ফলিক এচিড, ৰাইব’ফ্লডিন প্রি’ডক্সিন, নিয়াচিন আৰু ভিটামিন এ আৰু ভিটামিন চি আছে। পাতত ভিটামিন আৰু লৱণসমূহ বেছিকৈ থকা বাবে শৰীৰটোৱে সোনকালে শোষণ কৰিব পাৰে।

Also read : Snoring nose: নাকৰ শব্দত দুৰ্বিষহ জীৱন কটাইছে নেকি আপুনি? জানো আহক নাকৰ শব্দ কেনেকৈ ৰোধ কৰিব