• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

High Blood Pressure at Early Age: কম বয়সত উচ্চ ৰক্তচাপৰ কাৰণ কি জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 17, 2022 8:43 am
High Blood Pressure
118
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকুৰে ধোঁৱা-কোঁৱা দেখা, মূৰৰ বিষ, অনবৰতে ভাগৰ লাগি থকা- এইসমূহ উচ্চ ৰক্তচাপৰ লক্ষণ। আজিকালি অতি কম বয়সীয়া যুৱক-যুৱতীও এই ৰোগৰ চিকাৰ হ’ব লগা হৈছে। আগেয়ে কম বয়সত উচ্চ ৰক্তচাপ হোৱাৰ কোনো সম্ভাৱনাই নাছিল। আমাৰ দেশত এসময়ত কেৱল এক চতুৰ্থাংশ বয়ষ্ক ব্যক্তিহে এই ৰোগত আক্ৰান্ত হৈছিল।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ এণ্ড ইনষ্টিটিউট অৱ হোম ইক’নমিক্সৰ দ্বাৰা প্ৰকাশিত ৰিপ’ৰ্টত যুৱ ব্যক্তিসকলৰ মাজত দ্ৰুত হাৰত বাঢ়ি অহা এই ৰোগৰ পৰা হাত সাৰি থাকিবলৈ কেইটামান উপায় আগবঢ়াইছে।

Apply Now

ৱৰ্লড হেলথ অৰ্গেনাইজেচন, অৰ্থাৎ WHOৱেও উল্লেখ কৰিছে যে ব্যক্তিয়ে ৰক্তচাপক যত্ন্সহকাৰে নিয়ন্ত্ৰণত ৰাখিব পৰাটোৱে মহত্ত্বপূৰ্ণ কথা।

WHOৰ মতে, যিসকলে উচ্চ ৰক্তচাপত ভুগিছে তেওঁলোকৰ আধাভাগৰহে চিকিৎসা ফলপ্ৰসূ হৈছে। আনহাতে বাকী আধাভাগ ৰোগীয়েই ৰক্তচাপৰ ফলত মৰণক সাবটি ল’ব লগা হৈছে।

উচ্চ ৰক্তচাপক ‘চাইলেন্ট কিলাৰ’ বুলি ক’ব পাৰি। এই ৰোগৰ কাৰণ সম্পৰ্কে আজিও সঠিক ধাৰণা কৰিব পৰা হোৱা নাই। আনহাতে সম্পূৰ্ণৰূপে নিৰ্মূল কৰাও সম্ভৱ হৈ উঠা নাই, কিয়নো ব্যক্তিৰ স্বাভাৱিকতেই যদি সামান্য পৰিমাণে ৰক্তচাপ বাঢ়ে তথাপি শৰীৰত তাৰ কোনো লক্ষণ স্পষ্ট নহয়।

আনুষংগিক কিছুমান লক্ষণ যেনে- নিদ্ৰাহীনতা, মূৰৰ বিষ ইত্যাদি যে ৰক্তচাপৰ মূল কাৰণ।

Also read : Snoring nose: নাকৰ শব্দত দুৰ্বিষহ জীৱন কটাইছে নেকি আপুনি? জানো আহক নাকৰ শব্দ কেনেকৈ ৰোধ কৰিব

ৰক্তচাপ বৃদ্ধিৰ কাৰণ সমূহ জানো আহক:

 

১)সময়মতে আহাৰ গ্ৰহণ নকৰা।

২)চিগাৰেট, মদ, ক’লড ড্ৰিংক অধিক সেৱন কৰা।

৩)সময়মত শুবলৈ নোযোৱা আৰু একে সময়তে শুই নুঠা, হতাশা।

৪)মেদবহুলতা

৫)কৰ্মহীন জীৱন

 

ইয়াৰ বাবে কি কৰিব জানেনে?

 

বয়সৰ তুলনাত যদি আপোনাৰ ওজন বাঢ়িছে, তেনেহ’লে ওজন কমোৱাৰ যত্ন কৰক, কিয়নো মেদবহুলতাই উচ্চ ৰক্তচাপৰ পৰা হ’ব পৰা বিপদৰ সম্ভাৱনা ২-৫ গুণে বঢ়ায়।

কোনো ব্যায়াম বিশেষজ্ঞৰ পৰামৰ্শ লৈ ব্যায়াম কৰিব। দিনে ৪-৫ কিলোমিটাৰ খোজ কাঢ়িব।

দৈনিক আহাৰত চৰ্বিযুক্ত খাদ্য বিসৰ্জন দিয়ক।

আঁহজাতীয় খাদ্য সৰহকৈ খাব। দিনটোৰ ভিতৰত কেৱল ছয় গ্ৰামতকৈ বেছি নিমখ নাখাব।

চিগাৰেট আৰু মদ নাখাব। উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীসকলৰ কাৰণে সকলোতকৈ উত্তম উপায় হৈছে বিশুদ্ধ বায়ু সেৱন কৰা আৰু হতাশা বৰ্জন কৰা। কিয়নো হতাশাই শৰীৰত তেজ চলাচলৰ গতি বৃদ্ধি কৰে, ফলত ৰক্তচাপ বাঢ়ি যায় আৰু হৃদৰোগ আশংকা প্ৰবল হয়।

Also read : Benefits of Starfruit: কৰ্দৈ টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰ; আহকচোন জানো কৰ্দৈৰ উপকাৰিতা সমূহ

মনোবিজ্ঞানীসকলে হতাশা নিৰ্মূল কৰাৰ এটা সুন্দৰ উপায় আগবঢ়াইছে: যদি এই কথা স্বীকাৰ কৰি ল’বলৈ শিকে যে আপুনি যিকোনো পৰিৱেশ অথবা সকলো বিষয়তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব অথবা সকলো বিষয়তে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে, তেন্তে আপুনি নিজৰ মনক পৰিস্থিতি অনুসাৰে পৰিচালিত কৰক।

এনে কৰিলে হতাশা দূৰ হ’ব আৰু ৰক্তচাপো নিয়ন্ত্ৰিত হ’ব।

মানসিক স্ফূৰ্তি অটুট ৰাখিবলৈ সহজ-সৰল আসন কৰা যুগুত। আৰম্ভণিতে পাঁচ-দহ মিনিটৰ শৱাসন কৰক, যাৰ দ্বাৰা হতাশামুক্ত হ’ব পৰা যায়।

প্ৰাণায়াম কৰিব, যিয়ে আপোনাৰ শ্বাস-প্ৰশ্বাস ক্ৰিয়া স্বাভাৱিক কৰি ৰাখিব।

Also read : Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd