NORTHEAST NOW (Assamese)

সহবাসৰ পিছত গৰ্ভ নিৰোধক টেবলেট খাই নেকি? অপকাৰিতা জানিলে আপুনিও বাদ দিব খাবলৈ

April 9, 2025 7:00 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 8, 2025 9:25 pm

সাধাৰণতে গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ বহুতো মহিলাই গৰ্ভনিৰোধক টেবলেট খায়। সাধাৰণতে যৌন সম্ভোগৰ ৭২ ঘন্টাৰ ভিতৰত এই ঔষধ খালে গৰ্ভধাৰণৰ পৰা হাত সাৰি থাকিব পাৰি।

কিন্তু এই ঔষধসমূহৰ আছে সাংঘাটিক পাৰ্শ্বক্ৰিয়া। জানো আহক গৰ্ভ নিৰোধক টেবলেটৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে –

১. এই টেবলেট খোৱাৰ প্ৰথম কেইদিনমানৰ ভিতৰত বমি বা বমি ভাব হ’ব পাৰে।

২. গৰ্ভ নিৰোধক টেবলেট খোৱাৰ পিছত মহিলাৰ শৰীৰত হৰমনৰ ভাৰসাম্য হেৰায়। ফলত কিছুমান মহিলাৰ মূৰৰ বিষ হব পাৰে।

৩. এই দৰৱে মহিলাৰ ওজন বৃদ্ধি কৰিব পাৰে।

৪. কেতিয়াবা এই টেবলেট খোৱাৰ ফলত হতাশা বা মনৰ অস্থিৰতা দেখা দিব পাৰে।

৫. এই টেবলেট খোৱাৰ পিছত প্ৰথম কেইমাহমান ঋতুস্ৰাৱ অনিয়মিত হব পাৰে

. এই টেবলেট একাধিকবাৰ খোৱাৰ ফলত ৰক্ত জমা হোৱা (blood clots), উচ্চ ৰক্তচাপ বা হৃদৰোগৰ সম্ভাৱনা বাঢ়িব পাৰেবিশেষকৈ ধূমপান কৰা বা ৩৫ বছৰৰৰ ওপৰৰ মহিলাৰ ক্ষেত্ৰত এই সমস্যা অধিক হ’ব পাৰে।

উল্লেখ্য যে এই পাৰ্শ্বক্ৰিয়া সকলোৰে ক্ষেত্ৰত নহব’ও পাৰে। কিন্তু যদি কোনো গুৰুতৰ সমস্যা যেনে বুকু বিষ, শ্বাস লোৱাত অসুবিধা বা তীব্ৰ মূৰৰ বিষ হয়, তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাব লাগে। পৰাপক্ষত এই টেবলেট খোৱাৰ পৰা আঁতৰি থাকিব লাগে।

Related News