NORTHEAST NOW (Assamese)

মাৰাত্মক কৰ’না ভাইৰাছক পৰাজিত কৰিও বিৰল স্নায়ৱিক ৰোগত ভুগিছে মুম্বাইৰ বহু কৰ’নাজয়ী

November 20, 2020 9:37 am · এন ই নাও নিউজ
Updated: November 20, 2020 11:43 am
প্ৰতিনিধিত্বমূলক ছবি

মাৰাত্মক কৰ’না ভাইৰাছক পৰাজিত কৰিও ৰেহাই পোৱা নাই মুম্বাইৰ বহু কৰ’নাজয়ী ৰোগীয়ে। কৰ’নাৰ পৰা মুক্ত হৈও এক বিৰল স্নায়ৱিক ৰোগত ভুগিছে বহু ৰোগী।

যোৱা সপ্তাহত কমেও ২৪জন কৰ’নাজয়ী লোক পোৱা গৈছে যাৰ শৰীৰত এনে বিৰল গুলেন বাৰি লক্ষণ (Guillain-Barre syndrome) দেখা দিছে।

সাধাৰণতে কোনো মাৰাত্মক সংক্ৰামক বেমাৰে শৰীৰত আক্ৰমণ কৰাৰ পাছত এনে স্নায়ুৰ সমস্যাই দেখা দিয়ে।

যথাসময়ত সঠিক চিকিৎসা নাপালে এই ৰোগো প্ৰাণনাশক হৈ পৰিব পাৰে।

গুলেন বাৰি ছিনড্ৰ’মৰ প্ৰধান লক্ষণ হৈছে অৱশ হৈ পৰা। আৰম্ভণিতে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ বিষ থাকিব পাৰে। তাৰ পাছত পৰৱৰ্তী পৰ্যায়ত অংগ প্ৰত্যংগসমূহ দুৰ্বল হৈ পৰিব ধৰে।

এইক্ষেত্ৰত হাত-ভৰিৰ দুৰ্বলতা লক্ষ্যণীয় হৈ পৰে। এই ৰোগত আক্ৰান্ত হোৱাৰ দুই সপ্তাহৰ ভিতৰত দুৰ্বলতা বৃদ্ধি পায়। বহু সময়ত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ অসাৰ হৈ পৰে। সঠিক চিকিৎসা নাপালে ৰোগীয়ে ঘুৰাফুৰা কৰাত সমস্যাই দেখা দিয়ে।

আনহাতে, মুখৰ পেশীসমূহ দুৰ্বল হৈ পৰাৰ ফলত খাদ্য গিলাত কষ্ট হয়। সেইদৰে, চকুৰ পেশী দুৰ্বল হৈ পৰাৰ ফলত দৃষ্টিশক্তিৰ সমস্যাও দেখা দিয়ে। তদুপৰি, কান্ধ, পিঠি, কঁকাল আদি শৰীৰৰ বিভিন্ন স্থানত বিষ-বেদনা হ’ব পাৰে।

কৰ’না ৰোগীৰ বাবে এই ৰোগ কৰ’নাৰ পৰা মুক্ত হোৱাৰ পাছত বা ৰোগত আক্ৰান্ত হৈ থকাৰ সময়ত পাছৰফালে দেখা দিব পাৰে।

মুম্বাইৰ স্নায়ুৰোগ বিশেষজ্ঞসকলে কোভিড-১৯ আৰু গুলেন বাৰি ছিনড্ৰ’মৰ মাজত কিবা সম্পৰ্ক আছে নেকি তাক লৈ সমীক্ষা চলাইছিল। ইয়াতেই পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য।

মুম্বাইৰ ২৪ জন কৰ’নাজয়ী ৰোগীৰ দেহত ধৰা পৰা এই গুলেন বাৰি ছিনড্ৰ’ম উদ্বেগজনক বুলিয়েই ব্যক্ত কৰিছে সমীক্ষক চিকিৎসকসকলে।

Related News