NORTHEAST NOW (Assamese)

প্ৰতিজ্ঞা ভংগ! অৱশেষত মাস্ক পিন্ধিলে ডোনাল্ড ট্ৰাম্পে

July 12, 2020 10:27 am · এন ই নাও নিউজ

মাৰ্কিন ৰা্ষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেন মাস্ক নিপিন্ধাৰ কিবা প্ৰতিজ্ঞাহে কৰিছিল। ক’ৰ’ণা ভাইৰাছে আমেৰিকাত মহা সংহাৰৰ সৃষ্টি কৰাৰ সময়তো দেশ খনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মাস্ক পৰিধান নকৰাৰ কথাটো বিশ্ব জুৰি বেছ চৰ্চাৰ বিষয় হৈ পৰিছিল।

ক’ৰ’ণা ভাইৰাছত আমেৰিকাত ১ লাখ ৩৫ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটাৰ পিছতো ট্ৰাম্পে মাস্ক পিন্ধা কোনেও দেখা নাছিল।

ট্ৰাম্পে আনকি মাস্ক পিন্ধা বাবে ডেম’ক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বিডেনক হাঁহিছিলহে।

মাস্ক নিপিন্ধা সেই জন মানুহেই শেহতীয়াকৈ মাস্ক পৰিধান কৰাত এতিয়া বহুতেই আচৰিত হোৱা দেখা গৈছে।

ট্ৰাম্পে শেহতীয়াকৈ ৱাশ্বিংটনৰ কাষৰীয়া অঞ্চলত থকা ৱাল্টাৰ ৰীড নেছনেল মিলিটাৰী মেডিকেল চেন্টাৰলৈ ক’ৰ’ণা যুদ্ধত ভাগ লৈ আক্ৰান্ত হোৱা স্বাস্থ্য কৰ্মীসকলৰ খবৰ লবলৈ গৈছিল।

সেই সময়তহে সকলোৱে ট্ৰাম্পক মাস্ক পৰিধান কৰা দেখিবলৈ পায়। হোৱাইট হাউচৰ কেইবাজনো কৰ্মী ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতো ট্ৰাম্পে মাস্ক পিন্ধা নাছিল।

আনকি ট্ৰাম্পৰ পুত্ৰ জুনিয়ৰ ডোনাল্ড ট্ৰাম্পৰ প্ৰেয়সী তথা ডোনাল্ড ট্ৰাম্পৰ ৰাজনৈতিক কামৰ সহচৰ কিম্বাৰলি গুইলফইলে ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ পিছতো ট্ৰাম্পে মাস্ক পিন্ধাৰ কথা ভবা নাছিল।

হঠাতে তেওঁ মাস্ক পিন্ধি বাহিৰলৈ ওলোৱাত এতিয়া সেয়ে সকলোৱে আচৰিত হৈছে।

Related News