NORTHEAST NOW (Assamese)

‘ৰাষ্ট্ৰপতি’ নহয়, লণ্ডনৰ মাডাম টুছ’ত ডোনাল্ড ট্ৰাম্পক সজালে সাধাৰণ গল্ফ খেলুৱৈ

November 10, 2020 10:41 am · এন ই নাও নিউজ
মাডাম টুছ'ত ট্ৰাম্পৰ নতুন লুক।

লণ্ডনৰ মাডাম টুছ’ৰ মিউজিয়ামত আমেৰিকাৰ সদ্য পৰাজিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সম্পূৰ্ণ সলাই পেলালে মিউজিয়াম কৰ্তৃপক্ষই।

ট্ৰাম্পৰ শৰীৰত এতিয়া আৰু সেই নীলা চ্যুট নাই। ৰঙা টাইডালো নাই। চ্যুট-বুটৰ ঠাইত ট্ৰাম্পৰ শৰীৰত এইবাৰ গল্ফৰ পোছাক।

শনিবাৰে নিশাৰ ভিতৰতে সলনি হৈ পৰিল ট্ৰাম্পৰ এই লুক। সেইদিনাই নিশা ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনৰ হাতত ৰিপাব্লিকান ডোনাল্ড ট্ৰাম্প পৰাজিত হয়।

জো বিডেন বিজয়ী হোৱাৰ পাছতে মাডাম টুছ’ৰ কৰ্তৃপক্ষই ট্ৰাম্পৰ চেহেৰা সলনি কৰি পেলায়। চ্যুট টাই পৰিহিত ট্ৰাম্পৰ পূৰ্বৰ কাপোৰ সলাই তেওঁৰ শৰীৰ পিন্ধাই দিয়া হয় চেক ট্ৰাউজাৰ, বেগুণীয়া জাম্পাৰ আৰু ৰঙা ৰঙৰ বেছবলৰ টুপী।

নিশাৰ ভিতৰতে ‘ৰাষ্ট্ৰপতি’ৰ সলনি ‘গল্ফাৰ’ হৈ পৰিল ডোনাল্ড ট্ৰাম্প।

ট্ৰাম্পৰ এই নতুন মেকঅভাৰৰৰ ফটো লণ্ডনৰ মাডাম টুছ’ কৰ্তৃপক্ষই টুইটাৰ হেণ্ডলত শ্বেয়াৰো কৰে।

টুইটাৰত তেওঁলোকে লিখিছে,’’ ট্ৰাম্পৰ নিৰ্বাচনী যাত্ৰা সম্ভৱত: এটা শ্বটটেই হোল হোৱাৰ দৰে সফল নহ’ল। পিচে, এতিয়াৰে পৰা সম্ভৱ ট্ৰাম্পে নিজৰ আটাইতকৈ পছন্দৰ খেলৰ পাছতেই অধিক সময় দিব। তাকে ভাৱিয়েই মাডাম টুছ’ই তেওঁক গল্ফৰ পোছাক পিন্ধাইছে।‘’

ইপিনে, জো বিডেনৰ বিজয় মানি ল’ব খোজা নাই ডোনাল্ড ট্ৰাম্পে। আনকি আইনী যুঁজত নামিবলৈও সাজু হৈছে ৰিপাব্লিকান ট্ৰাম্প।

আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সম.তে ভাৰ্জিনিয়াত গল্ফ খেলা দেখা গৈছিল ডোনাল্ড ট্ৰাম্পক।

সেয়েহে, মাডাম টুছ’ৰ এই নতুন মেকঅভাৰক বহুতেই ট্ৰাম্পৰ প্ৰতি এক ব্যংগাত্মক উপহাৰ হিচাপেই গণ্য কৰিছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা  ট্ৰাম্পৰ এই নতুন লুকক লৈ বিভিন্নজনে ৰস লাভ কৰিছে।

Related News