NORTHEAST NOW (Assamese)

ভুলকৈ ব্যায়াম নকৰিবা, বিঘ্নিত হ’ব পাৰে হৰম’নৰ ভাৰসাম্য! সকীয়াই দিলে তমন্নাৰ ফিটনেছ ট্ৰেইনাৰে

October 22, 2025 6:58 am · এন ই নাও নিউজ, গুৱাহাটী

নিজকে ফিট কৰি ৰাখিবলৈ নিয়মিতভাৱে ব্যায়াম কৰেনে? যদি কৰে তেন্তে বহুত ভাল। কিন্তু ব্যায়ামৰ পৰা লাভৰ পৰিৱৰ্তে ক্ষতিহে হৈ থকা নাইতো?

আপুনি ব্যায়াম কেনেকৈ কৰে আৰু কেতিয়া ব্যায়াম কৰে এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আপোনাৰ ব্যায়ামৰ সময় আৰু পদ্ধতিৰ দ্বাৰা শৰীৰৰ হৰমনৰ ভাৰসাম্য নিয়ন্ত্ৰিত হয়। এই মন্তব্য অভিনেত্ৰী তমন্না ভাটিয়াৰ ফিটনেছ ট্ৰেইনাৰ সিদ্ধাৰ্থ সিঙৰ।

সুস্থ হৈ থাকিবলৈ নিয়মিত ব্যায়ামৰ প্ৰয়োজন। কিন্তু কিছুমান বিশেষ ধৰণৰ ব্যায়াম, ভুল পদ্ধতি আৰু সময়ে শৰীৰত হৰমনৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

শেহতীয়াকৈ সিদ্ধাৰ্থ সিঙে ইনষ্টাগ্ৰামত এটা ভিডিঅ পোষ্ট কৰি তিনিটা কথাত সাৱধান হবলৈ পৰামৰ্শ দিয়ে।

খালী পেটত কাৰ্ডিঅ

শৰীৰৰ চৰ্বি সোনকালে হ্ৰাস কৰাৰ আশাত বহুতে খালী পেটতে কাৰ্ডিঅ কৰে। কিন্তু অত্যধিক আৰু দীৰ্ঘদিনীয়া ব্যায়ামে পেশী ক্ষয়, দুৰ্বলতা, মূৰ ঘূৰোৱাৰ আশংকা কঢ়িয়াই আনে। কেৱল সেয়াই নহয়, শৰীৰত কৰ্টিছল হৰমনৰ নিঃসৰণ বৃদ্ধি পায়। ফলত শৰীৰৰ হৰমনৰ ভাৰসাম্য বিঘ্নিত হয়।

অত্যধিক শাৰীৰিক ব্যায়াম

অত্যধিক ব্যায়াম কৰিলে শৰীৰত হৰমনৰ পৰিৱৰ্তন ঘটে। অত্যধিক গধুৰ ব্যায়ামে ষ্ট্ৰেছ হৰমন (কৰ্টিছল)ৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ ফলত পেশী ক্ষয় হব পাৰে। তদুপৰি মহিলাৰ ঋতুচক্ৰ আৰু প্ৰজনন হৰমনৰ ভাৰসাম্যতাও বিঘ্নিত হয়।

ৰাতি বেছিকৈ ব্যায়াম কৰা

বহু লোকে সময়ৰ অভাৱত নিশা জিমলৈ যায়। ৰাতি বেছিকৈ ব্যায়াম কৰিলে শৰীৰৰ উষ্ণতা আৰু হৃদস্পন্দন বৃদ্ধি পায়। ফলত টোপনিৰ হৰম’ন (মেলাটনিন) উৎপাদনত বাধাৰ সৃষ্টি হয়। ইয়াৰ ফলত টোপনিৰ প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। পৰ্যাপ্ত টোপনিৰ অভাৱত ষ্ট্ৰেছ হৰম’ন (কৰ্টিছল)ৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে। সিদ্ধাৰ্থ সিঙৰ মতে ৰাতি শোৱাৰ কমেও ৩ ঘণ্টাৰ আগতে শাৰীৰিক ব্যায়াম সম্পূৰ্ণ কৰিব লাগে।

Related News