NORTHEAST NOW (Assamese)

ডাঃ নৰেন্দ্ৰ দাভোলকাৰ হত্যা গোচৰ: মূল হত্যাকাৰী শৰদ শংকৰক জামিন দিলে বোম্বে উচ্চ ন্যায়ালয়ে

April 29, 2026 5:18 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:41 am

বোম্বে উচ্চ ন্যায়ালয়ে চৰ্চিত ডাঃ নৰেন্দ্ৰ দাভোলকাৰ হত্যা গোচৰৰ মূল আক্ৰমণকাৰী শৰদ শংকৰক জামিন প্ৰদান কৰিছে।

লাইভ ল’ৰ এক প্ৰতিবেদন অনুসৰি, ন্যায়াধীশ অজয় গডকৰী আৰু ন্যায়াধীশ ৰঞ্জিত সিনহা ভোছলেৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। বিচাৰপীঠখনে ৫০ হাজাৰ টকাৰ জামিন বণ্ডৰ বিনিময়ত শৰদ শংকৰক জামিনত মুকলি কৰি দিয়াৰ আদেশ দিছে।

উল্লেখ্য যে, ২০২৪ চনত এখন বিশেষ আদালতে এই হত্যা গোচৰত শৰদ শংকৰক দোষী সাব্যস্ত কৰিছিল। ইয়াৰ পিছতেই তেওঁ বিশেষ আদালতৰ ৰায়ৰ বিৰুদ্ধে বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল আৰু আপীল কৰিছিল। উচ্চ ন্যায়ালয়ত এই আপীলৰ শুনানি গ্ৰহণ কৰা আৰু চূড়ান্ত ৰায়দান নোহোৱালৈকে তেওঁ জামিন বিচাৰি আবেদন জনাইছিল। সেই আবেদনৰ ভিত্তিত এতিয়া তেওঁক ন্যায়ালয়ে জামিন দিছে।

প্ৰণিধানযোগ্য যে, ২০১৩ চনৰ ২০ আগষ্ট তাৰিখে মহাৰাষ্ট্ৰৰ পুনেত ডাঃ নৰেন্দ্ৰ দাভোলকাৰক দুৰ্বৃত্তই নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। ডাঃ দাভোলকাৰ মহাৰাষ্ট্ৰৰ এগৰাকী অতি প্ৰসিদ্ধ সমাজ কৰ্মী হোৱাৰ লগতে অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতিৰ প্ৰতিষ্ঠাপক আছিল। তেওঁৰ এই হত্যাকাণ্ডই সেই সময়ত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

Related News