NORTHEAST NOW (Assamese)
অসম

ড. ৰঞ্জিত ৰথক এমইচিএলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাবে নিযুক্তি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 10, 2022 9:29 am

ড. ৰঞ্জিত ৰথক এমইচিএলৰ পৰিচালন সঞ্চালক হিচাবে নিযুক্তি দিয়া হৈছে।

ড. ৰঞ্জিত ৰথে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰিছে বুলি এমইচিএলৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

ড. ৰঞ্জিত ৰথে আইআইটি বোম্বাই, আইআইটি খড়গপুৰ আৰু উৎকল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল ।

এগৰাকী ভূবিজ্ঞানী হিচাবে সুনাম অৰ্জন কৰা ৰথে ইয়াৰ আগতে ইঞ্জিনিয়াৰছ ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ আছিল।
তেওঁ ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভচ লিমিটেডৰ সৈতেও জড়িত আছিল।

সম্পদৰ ব্যৱস্থাপনা আৰু ভূ-বিজ্ঞানৰ প্ৰয়োগ আদি বিষয় ৰথ এগৰাকী অভিজ্ঞ ব্যক্তি।

‘ৰাষ্ট্ৰীয় ভূ-বিজ্ঞান বঁটা ২০১৬’ৰ প্ৰাপক ড. ৰথে ‘আণ্ডাৰগ্ৰাউণ্ড ষ্টোৰেজ টেকন’লজিছ’ৰ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰিছে।

দেশ-বিদেশৰ বিভিন্ন সন্মিলনত তেওঁ অংশগ্ৰহণ কৰিছে।

ভূ-বিজ্ঞানৰ ক্ষেত্ৰতো তেওঁৰ ২২ বছৰৰ অভিজ্ঞতাই আৰু এমইচিএলক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।