NORTHEAST NOW (Assamese)

চুডানৰ মুকলি বজাৰত ড্ৰোন আক্ৰমণ; ৪০ জন লোকৰ মৃত্যু, কেইবাজনো আহত

September 11, 2023 2:55 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে চুডানৰ ৰাজধানীৰ দক্ষিণে থকা এখন মুকলি বজাৰত ড্ৰ’ন আক্ৰমণত কমেও ৪০ জন লোক নিহত হয়।

 সংবাদ প্ৰতিষ্ঠান আল জাজিৰাৰ এক প্ৰতিবেদন অনুসৰি ড্ৰ’ন আক্ৰমণ চুডানৰ সেনাই সংঘটিত কৰিছিল আৰু ভুক্তভোগী আটাইকেইজন সাধাৰণ নাগৰিক নে নহয় সেয়া স্পষ্ট নহয় যদিও আঘাতপ্ৰাপ্তসকলৰ বাবে চিকিৎসা সাহায্যৰ অতি প্ৰয়োজন।

আক্ৰমণত আহতসকলক সম্প্ৰতি বাছাইৰ বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে বহুতৰে অংগচ্ছেদ কৰিবলগীয়া হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

বাছাইৰ বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ প্ৰতিৰোধ সমিতি আৰু দুগৰাকী স্বাস্থ্যসেৱা কৰ্মীয়ে জনোৱা মতে, খাৰ্টুমৰ মায়ো চুবুৰীত কমেও ৭০ জন লোক আহত হৈছে।

লগতে চিকিৎসালয়খনৰ এখন মুকলি চোতালত বগা চাদৰেৰে মেৰিয়াই থোৱা বহুকেইটা মৃতদেহৰ ছবি ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। 

উল্লেখ্য যে সম্প্ৰতি চুডানৰ গৃহযুদ্ধত দুয়োটা ফৈদৰ নিৰ্বিচাৰ গোলাবৰ্ষণ আৰু ড্ৰোণ আক্ৰমণ সাধাৰণ হৈ পৰিছে, যিয়ে বৃহত্তৰ খাৰ্টুম অঞ্চলক যুদ্ধক্ষেত্ৰলৈ পৰিণত কৰিছে। 

সংঘাতৰ পাঁচ মাহৰ পাছতো আৰ এছ এফ আৰু চুডানৰ সেনাৰ মাজত এতিয়াও কোনো আলোচনা হোৱা নাই৷

আল বুৰহানৰ নেতৃত্বত চুডানৰ সেনাবাহিনী আৰু জেনেৰেল মহম্মদ হামদান ডাগালোৰ নেতৃত্বত আৰ এছ এফৰ মাজত মুকলি যুদ্ধৰ সৃষ্টি হোৱাৰ লগে লগে এপ্ৰিল মাহৰ মাজভাগৰ পৰাই চুডানৰ জনগণ দৈনিক হিংসাত্মক আক্ৰমণৰ সাক্ষী হৈ আহিছে।

Related News