NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ April 19, 2022 7:04 pm

কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে।

জানিব পৰা মতে জখলাবন্ধা আৰক্ষীয়ে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জখলাবন্ধাৰ গৰুবন্ধা সংযোগী পথত বিশাল চৌহান নামৰ এজন সৰবৰাহকাৰীয়ে বিক্ৰীৰ উদ্দেশ্যে ড্ৰাগছ সহ সৰু ৮ টা খালী কন্টেইনাৰ লৈ গ্ৰাহকৰ বাবে ৰৈ আছিল।

তেনে অৱস্থাতে জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বিশাল চৌহানৰ পৰা ড্ৰাগছসহ ৮টা সৰু খালী কন্টেইনাৰ জব্দ কৰে ।

বৰ্তমান জখলাবন্ধা আৰক্ষীয়ে বিশাল চৌহানক অধিক তথ্যৰ বাবে সোধাপোছা কৰি আছে।