NORTHEAST NOW (Assamese)
অসম

তীৰ্থনগৰী হাজোৰ ঐতিহ্যমণ্ডিত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ চৌহদত চোৰৰ লুটপাত

Posted by: মৃদুল প্ৰীতম ডেকা,হাজো Updated by: মৃদুল প্ৰীতম ডেকা,হাজো April 19, 2022 7:33 pm

হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত ঘটিছে চুৰি কাণ্ড ।

দিন দুপৰতে তলা ভাঙি চোৰে লুটি নিলে নগদ ধন সহ আচবাব।

দুপৰীয়াৰ ভাগত ঘটা এই চুৰি কাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মন্দিৰৰ পুৰোহিত নিবাসত চোৰে সংঘটিত কৰিছে এই চুৰিকাণ্ড।

চোৰে তিনিগৰাকী পুৰোহিতৰ কেইবাহাজাৰো নগদ ধন লুটি নিছে।ইয়াৰ পূৰ্বেও পুৰোহিত নিবাসত সংঘটিত হৈছিল চুৰিকাণ্ড।

ইতিমধ্যে মন্দিৰৰ চৌহদত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰ চৌহদত চুৰি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে তীৰ্থনগৰী হাজোত।