NORTHEAST NOW (Assamese)
দেশ

ছিহ! মদৰ নিচাত নিজৰ ৫২ বছৰীয়া মাতৃক ধৰ্ষণ কৰিলে ২৮ বছৰীয়া পুত্ৰই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 6, 2024 8:17 pm

ৰাজস্থানত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। এইবাৰ পুত্ৰৰ হাতত ধৰ্ষণৰ বলি হ’ল জন্মদাত্ৰী মাতৃ।

এই জঘন্য ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বুণ্ডী জিলাত।

খবৰ অনুসৰি মদ নিচাত মাতাল হৈ নিজৰ ২৮ বছৰীয়া পুত্ৰই ধৰ্ষণ কৰিছে ৫২ বছৰীয়া মাতৃক।

আৰক্ষীৰ মতে, শুকুৰবাৰে এই ঘটনা সংঘটিত হৈছে। ফুৰিবলৈ গৈ নিজৰ মাতৃৰ সৈতে গাঁৱলৈ উভটি আহি আছিল মাতৃ-পুত্ৰ। মাজ ৰাস্তাতে নিজান ঠাইত নিজৰ মাতৃক ধৰ্ষণ কৰে পুত্ৰই।

আৰক্ষীয়ে জনোৱা মতে ধৰ্ষণৰ সময়ত মদৰ নিচাত মাতাল আছিল ধৰ্ষণকাৰী।

এই ঘটনাৰ পিছতে কনিষ্ঠ পুত্ৰ আৰু কন্যাৰ সৈতে ডাবি থানাত উপস্থিত হৈ ধৰ্ষণকাৰী পুত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে মাতৃয়ে।

অভিযোগ লাভ কৰিয়েই আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ জেৰাত নিজৰ অপকৰ্ম স্বীকাৰ কৰিছে কুলাংগাৰ পুত্ৰই। ইতিমধ্যে জেললৈ প্ৰেৰণ কৰা হৈছে পুত্ৰ সমাজক লজ্জানত কৰা ধৰ্ষণকাৰীটোক।