NORTHEAST NOW (Assamese)

এই দিন কেইটাত কামৰূপ মেট্ৰ’ জিলাৰ অঞ্চল বিশেষে ঘোষণা কৰা হৈছে ড্ৰাই ডে

December 15, 2020 7:05 pm · এন ই নাও নিউজ

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত  কামৰূপ মেট্ৰ’ জিলা প্ৰশাসনে জিলা খনৰ কিছু কিছু অংশত ১৬,১৭ আৰু ১৯ ডিচেম্বৰত ডে ঘোষণা কৰিছে।

সেই মৰ্মে উক্ত দিন কেইটাত কামৰূপ মেট্ৰ’ জিলাৰ খানাপাৰাৰ পৰা ক্ষেত্ৰীলৈ আৰু পাইনীখাইতি ৰে’ল ক্ৰচিঙৰ পৰা মৰিগাঁও জিলাৰ সীমালৈ সকলো মদৰ দোকান, বাৰ আদি বন্ধ থাকিব।

উল্লেখ্য মৰিগাঁও জিলাতো ড্ৰাই ডে ঘোষণা কৰা মৰিগাঁও জিলাত অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে সমগ্ৰ জিলাখনত এই ড্ৰাই ডে ঘোষণা কৰিছে।

জিলাখনৰ ১৯ টা পৰিষদীয় সমষ্টিত ১৭ ডিচেম্বৰ তাৰিখে ১৮ টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বত ভোট গণনা কাৰ্য চলিব।

সেয়ে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে সম্পাদনা কৰিবলৈ সহায় হোৱাকৈ জিলা প্ৰশাসনে অহা ১৬, ১৭ আৰু ১৯ ডিচেম্বৰ তাৰিখ এই তিনিটা দিনত সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰিছে।

বিলাতী অথবা স্থানীয়, পাইকাৰী আৰু খুচুৰা সুৰা ব্যৱসায়ীসকলে সেই কেইটা দিনত সুৰা বিপনীসমূহ খোলা ৰাখিব নোৱাৰিব।

এই নিষেধাজ্ঞা উলংঘা কৰিলে অসম আৱকাৰী আইন ২০০০ আৰু ২০১৬ মতে দণ্ডনীয় হ’ব ।

Related News